December 5, 2021

সোণৰ বিস্কুট দিয়াৰ প্রলোভনেৰে হাতীগাঁৱৰ এজন সোণাৰিক অপহৰণ; অপহৰণকাৰী গ্রেপ্তাৰ

সোণৰ বিস্কুট দিয়াৰ প্রলোভনেৰে মহানগৰীৰ হাতীগাঁৱৰ পৰা এজন সোণাৰিক অপহৰণ কৰা ঘটনাৰ মূল অভিযুক্ত গুলজাৰ হুছেইনক আজি হাতীগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ হাতীগাঁও থানাত ৰুজু হোৱা ৩৪/২১ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে বৃহস্পতিবাৰে তেওঁক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত গুলজাৰ হুছেইনৰ ঘৰ নগাঁও জিলাৰ কচুৱা থানাৰ অন্তর্গত আদৰতলিত বুলি জানিব পৰা গৈছে৷ অভিযুক্ত হুছেইনক বৃহস্পতিবাৰে  আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷

উল্লেখ্য যে প্রায় তিনি মাহ পূর্বে তেওঁ আন তিনিজন বন্ধুৰ সৈতে মিলি সোণাৰিজনক সোণৰ বিস্কুট দিয়াৰ প্রলোভনেৰে গুৱাহাটীৰ পৰা নগাঁৱলৈ মাতি পঠিয়াইছিল৷ সোণাৰি ব্যৱসায়ীজনে সেইমতে নগাঁৱত উপস্থিত হোৱাত গুলজাৰে তেওঁৰ বন্ধুকেইজনৰে মিলি ব্যৱসায়ীজনক অপহৰণ কৰি ঘন জংঘলত ৰাখি পৰিয়ালক পাঁচ লাখ টকাৰ মুক্তিপণ বিচাৰে৷ পিছত পৰিয়ালৰ লোকে ঘটনা সন্দর্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি পূর্বে তিনিজন অভিযুক্তক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰে যদিও ঘটনাৰ মূল অভিযুক্ত গুলজাৰ পলাতক আছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি আজি তেওঁক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

error: Content is protected !!
%d bloggers like this: