Site icon Guwahati Times

হাতীগাঁৱত কিশোৰী নিৰ্যাতনৰ অভিযোগত……….

মহানগৰীত পুনৰ কিশোৰী নিৰ্যাতনৰ ঘটনা ৷হাতীগাওঁৰ লখিমীনগৰৰ শুভম এনক্লেভ নামৰ এপাৰ্টমেণ্টটোত থকা ষ্টেট বেংকৰ কৰ্মচাৰী ধীৰাজ বড়োৰ ফ্লেটত বনকৰা কৰ্মী হিচাপে নিয়োজিত আছিল বহি:ৰাজ্যৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী ৷

দীৰ্ঘদিন ধৰি ধীৰাজ বড়ো আৰু তেওঁৰ মাতৃসহ পৰিয়ালৰ আন সদস্য সকলে কিশোৰী গৰাকীক অকথ্য শাৰিৰীক – মানসিক নিৰ্যাতন চলাই অহাৰ অভিযোগ উদ্থাপিত হৈছিল ৷

 

এই নিৰ্যাতনতে চৰম সীমা অতিক্ৰম কৰাৰ শুভম এনক্লেভৰ আৱাসী ধীৰাজ বড়ো আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে হাতীগাওঁ থানাত দাখিল কৰে এজাহাৰ ৷

আনহাতে এজাহাৰৰ ভিত্তিত হাতীগাওঁ আৰক্ষীয়ে ধীৰাজ বড়ো আৰু তেওঁৰ মাতৃক আটক কৰি উদ্ধাৰ কৰে ভুক্তভোগী কিশোৰী গৰাকীক ৷ উল্লেখ্য য়ে বিগত চাৰিবছৰ ধৰি বনকৰা কৰ্মী হিচাপে নিয়োজিত হৈ আছিল ধীৰাজ বড়োৰ বাসগৃহত ৷

মহানগৰীত দিনক দিনে কিশোৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে যদিও এই ক্ষেত্ৰত শিশু সুৰক্ষাৰ স’তে জড়িত চৰকাৰী সন্থাই কোনো ধৰণৰ সময়োচিত পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই বুলি সচেতন মহলে ক্ষোভ প্ৰকাশ কৰিছে ৷

Exit mobile version