Site icon Guwahati Times

হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট: দাখিল হ’ব ১৬ জুলাইত

অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’ব হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন। এমাহ ধৰি চলিব লগা অধিৱেশনৰ ১৬ জুলাইত দাখিল হ’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট। বিত্ত মন্ত্ৰী অজন্তা নেওগে প্ৰথম বাৰৰ বাবে দাখিল কৰিব বাজেট। এই কথা প্ৰকাশ কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিযুষ হাজৰিকাই।

উল্লেখ যোগ্য যে বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ পিছত এক সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে এই কথা জানিবলৈ দিয়ে।

গুৰুত্বপূৰ্ণ কথা এমাহ ধৰি চলিব লগা বাজেট অধিৱেশনৰ কৰ্মৰ দিন থাকিব ১৫টা।

Exit mobile version