Site icon Guwahati Times

অসমত অহাবছৰৰ প্ৰথম ভাগতে উপলব্ধ হ’ব ক’ৰোনা ভেকচিন

আজি জনতা ভৱনত আয়োজিত সংবাদ মেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ক’ভিড পৰিস্থিতি সম্পৰ্কে অৱগত কৰে। সংবাদমেলখনত মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড-১৯ৰ লগত ১ মাৰ্চৰ পৰা যুঁজ দি থকা ৰাজ্যখনে আজি ১,৯৫,০০০ ক’ভিড ৰোগীৰ সীমা চুলে। ইয়াৰে ১,৬৬,০০০গৰাকী লোক ক’ভিড ৰোগৰ পৰা ভাল হোৱাৰ বিপৰীতে সম্প্ৰতি ২৮,৪৩৯গৰাকী লোকৰ ক’ৰোনা চিকিৎসা চলি আছে।

মন্ত্ৰীগৰাকীয়ে লগতে কেইটামান দিনৰ পৰিসংখ্যা মৰ্মে পূৰ্বৰ তুলনাত বৰ্তমান ক’ভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে কমি আহি যোৱা সোমবাৰে ১.৪ শতাংশ হোৱা বুলি উল্লেখ কৰে। অসমে মুঠ ৪০ লাখ টেষ্ট কৰা ৰাজ্যত পৰিণত হোৱাৰ লগতে প্ৰধান নগৰ গুৱাহাটীত ১০ লাখ জনসংখ্যাৰ ভিতৰত ৬ লাখৰ টেষ্ট কৰা বুলি জনায়।

আনহাতে ক’ৰোনা ভেকচিন সম্বন্ধে এক গুৰুত্বপূৰ্ণ খবৰ অৱগত কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে কেন্দ্ৰীয় চৰকাৰে জানুৱাৰীৰ পৰা জুলাইৰ ভিতৰত ক’ৰোনা ভেকচিন ৰাজ্যখনৰ বাবে উপলব্ধ কৰাব।

Exit mobile version