বাঢ়িব মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৰমহা, সংবাদ মেলত বিত্তমন্ত্ৰীৰ ঘোষণা

1 min read

 

ৰাজ্যৰ মধ্যাহ্ন কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হ’ব। আজি জনতা ভৱনত আয়োজিত সংবাদ মেলত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ দৰমহা বঢ়োৱাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনত বৰ্তমান ১,১৮,৯৯৮গৰাকী মধ্যাহ্ন ভোজন কৰ্মচাৰী আছে আৰু এই কৰ্মচাৰীসকলৰ দৰমহা কেন্দ্ৰীয় চৰকাৰৰ পৰা দি অহা হৈছে। এতিয়া ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্য চৰকাৰেও ইয়াৰ লগত ৫০০ টকা দৰমহা সংযোজন কৰিব বুলি জনায় বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

বিত্ত বিভাগৰ অনুমোদন মৰ্মে দুৰ্গাপূজাৰ আগে আগে এই পুঁজি মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ একাউণ্টত জমা দিয়াৰ সম্ভাৱনা আছে বুলি লগতে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে এইক্ষেত্ৰত বিত্ত বিভাগে ৩৪ কোটি ২০ লাখ টকা মুকলিৰ অনুমোদন দিছে।

You May Also Like

More From Author