Site icon Guwahati Times

 বি টি আৰ’ত হাগ্ৰামাৰ দাদাগিৰি নচলিবঃ হিমন্ত বিশ্ব শৰ্মা

বি টি আৰ’ত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বি পি এফ মুৰব্বী হাগ্ৰামা মহিলাৰীক চোকা ভাষাৰে সমালোচনা কৰে।  হাগ্ৰামা মহিলাৰীৰ দাদাগিৰি নচলিব, পোন্ধৰ বছৰে তেওঁ দাদাগিৰি চলালে বুলি কয় ড০ শৰ্মাই।

লগতে ড- শৰ্মাৰ মন্তব্য—“লাফিকুল হত্যাৰ তদন্ত CBI ক দিয়া হৈছে, আমি ২-৩ মাহৰ ভিতৰত হত্যাকাৰী চিনাক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ আৰু CBIক লিখিত ভাবে অনুৰোধ জনাম।

ইয়াৰ উপৰি আজমলক কটাক্ষ কৰি তেওঁ কয়—“আজমলে এতিয়া কিয় স্বীকাৰ কৰিলে যে শিলচৰত পাকিস্তান জিন্দাবাদ দিয়া হৈছিল? প্ৰথমে আজিজ খান জিন্দাবাদ দিয়া বুলি কৈছিল।”

ৱাজেদ আলি চৌধুৰীৰ মন্তব্য অতি নিকৃষ্ট বুলিও আখ্যা দিয়ে ড০ শৰ্মাই।

Exit mobile version