Site icon Guwahati Times

মানিমুনি পাতৰ ৰসে পেট সুস্থ কৰি ৰখাৰ লগতে আলজাইমাৰ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, জানো আহক

মানিমুনিৰ পাত সকলোৱে চিনি পায়। চেচুক ঠাইত হোৱা ই এবিধ বনৌষধি গছ। মানিমুনিৰ পাত আঞ্জা বনাই , ৰস উলিয়াই খোৱা হয়। মানিমুনি দুবিধ আছে। এবিধ সৰু আৰু আনবিধ ডাঙৰ মানিমুনি । ঔষধ হিচাপে সৰু মানিমুনি বিধ অধিক ব্যৱহাৰ কৰা হয়। প্ৰতিদিনে ৰাতিপুৱা মানিমুনি পাতৰ ৰস খালে কেতিয়াও পেটৰ অসুখ নহয় বুলি চিকিৎসক সকলে জানিবলৈ দিয়ে। অকল পেটৰ সমস্যাই নহয় টাইফয়েড , ডায়েৰিয়া , কলেৰাৰ নিচিনা একাধিক ৰোগত ঔষধৰ কাম কৰে মানিমুনিয়ে। এইবোৰৰ উপৰিও নিয়মিত এই পাতৰ ৰস খালে কি কি উপকাৰ হয় জাঁনো আহকচোন এই প্ৰতিবেদন যোগে —–

১) মানিমুনি পাতৰ ৰস নিয়মিত খালে স্মৃতি শক্তি বৃদ্ধি পায়। এই পাতৰ পৰা শৰীৰে এণ্টি-অক্সিডেণ্ট পোৱাৰ উপৰিও পেণ্টাছাইক্লিক ট্ৰিটাৰপেন্স নামৰ এটি উপাদানৰ পৰিমান কমাই দিয়ে। তাৰ ফলত মগজুৰ কোষবোৰ আৰু ভাল ভাৱে কাম কৰাৰ লগতে স্মৃতি শক্তি উন্নত হয়। বয়সস্থ লোকে নিয়মিত মানিমুনি পাতৰ ৰস খালে আলজাইমাৰ বা ডিমেনছিয়াৰ দৰে ৰোগৰ আশংকা কমি যায়।

২) মানিমুনি পাতৰ ৰস খালে মানসিক অৱসাদ কমি যায়। দৈনন্দিন কৰ্মৰ চাপ আৰু ব্যক্তিগত জীৱনৰ জটিলতাৰ পৰা বহুত সময়ত মানসিক চাপৰ সৃষ্টি হয়। এই চাপবোৰে এটা সময়ত কাম-কাজত প্ৰভাৱ পেলাবলৈ ধৰে। মানিমুনিৰ পাতত থকা এণ্টি-অক্সিডেণ্ট অক্সিডেটিভে ষ্ট্ৰেছ কমোৱাত সহায় কৰে। অতিৰিক্ত ষ্ট্ৰেছ কমাই মানসিক অৱসাদৰ মুক্তি দিয়াত সহায় কৰে মানিমুনিৰ পাতৰ ৰসে।

৩) ছাল ভালে ৰখাত সহায় কৰে মানিমুনিৰ ৰসে। শীতকাল পৰাৰ লগে লগেই ছালৰ বিভিন্ন সমস্যাই দেখা দিয়ে। মানিমুনি পাতৰ ৰসে ছালৰ জটিল ৰোগ নিৰাময় কৰাত সহায় কৰে। ইয়াৰ উপৰিও এই পাতৰ ৰস খালে ছালৰ উজ্বলতা বাঢ়ে আৰু সজীৱতা বৃদ্ধি পায়।

৪) দুশ্চিন্তা কমোৱাত সহায় কৰে মানিমুনিৰ পাতে। দৈনন্দিন কামৰ উপৰিও বিভিন্ন কাৰণত বহুতে দুশ্চিন্তাত ভোগা দেখিবলৈ পোৱা যায়। মানিমুনি পাতৰ ৰস নিয়মিত খালে দুশ্চিন্তা কমি যায় আৰু আংজাইটিৰ সমস্যাক প্ৰশমিত কৰে।

৫) মানিমুনি পাতৰ ৰস খালে অনিদ্ৰাৰ সমস্যা নোহোৱা হয়। মানিমুনিৰ পাতত এণ্টি-অক্সিডেণ্ট আৰু এণ্টিইনফ্লেমেটৰি উপাদান থকাত মানসিক চাপ কমোৱাত সহায় কৰে। ইয়াৰ লগতে স্নায়ুতন্ত্ৰক শান্ত কৰি ৰখাৰ লগতে টোপনি নোহোৱা ৰোগ উপশম কৰাত সহায় কৰে

বাৰীৰ চুকোতে হোৱা এই মহৌষধি পাতৰ ৰস নিয়মিত খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। ব্যস্ততাভৰা জীৱনত প্ৰতিদিনে ৰাতিপুৱা মানিমুনি পাতৰ ৰস পান কৰিলে পেট সুস্থ কৰি ৰখাৰ লগতে বিভিন্ন সমসাৰ পৰা হাত সাৰি থাকিব পাৰো।

Exit mobile version