মানুহৰ শৰীৰৰ সামগ্ৰিক বিকাশ আৰু সুস্বাস্থ্যৰ বাবে সকলো খনিজ পদাৰ্থৰ প্ৰয়োজন, তাৰে এটা হৈছে আইৰণ। বহুসময়ত, জীৱনশৈলীৰ অৱনতি আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবে গুৰুত্বপূৰ্ণ পুষ্টিৰ পৰা বঞ্চিত হ’বলগীয়া হয়। আইৰণৰ থাকিলেহে শৰীৰে সঠিকভাৱে কাম কৰে। ইয়াৰ জৰিয়তে শৰীৰত লোহিত ৰক্ত কণিকা গঠন হয়। যদি আইৰণৰ অভাৱ হয়, তেন্তে ৰক্তহীনতাৰ ভুক্তভোগী হ’ব পাৰে।
আইৰণৰ অভাৱ হ’লে শৰীৰত দেখা দিয়া লক্ষণবোৰঃ
~ সকলো সময়তে ভাগৰ অনুভৱ কৰা
~ জিভা সঘনাই শুকাই হোৱা
~ তৃষ্ণা অনুভৱ কৰা
~ সকলো সময়তে দুৰ্বলতা অনুভৱ কৰা
~ অত্যাধিক পৰিমাণে চুলি সৰা
~ ডিঙিৰ বিষ হোৱা
~ শ্বাসক্ৰিয়া সমস্যা হোৱা
মহিলা আৰু পুৰুষৰ বয়স অনুযায়ী আইৰণৰ পৰিমাণ পৃথক হয়। যুৱ লোকসকলক শিশুতকৈ এই খনিজ পদাৰ্থৰ অধিক প্ৰয়োজন। যিহেতু মহিলাসকলে প্ৰতি মাহে ঋতুস্ৰাৱৰ ৰক্তক্ষৰণৰ সন্মুখীন হ’ব লগা হয়, তেওঁলোকক পুৰুষতকৈ অধিক আইৰণৰ প্ৰয়োজন হয়।
~ ৪ ৰ পৰা ৮ বছৰ বয়সৰ শিশু দৈনিক ১০ মিগ্ৰা আইৰণৰ প্ৰয়োজন
~ ১৯ ৰ পৰা ৫০ বছৰ মহিলাক দৈনিক ১৮ মিগ্ৰা আইৰণৰ প্ৰয়োজন
~ ১৯ ৰ পৰা ৫০ বছৰ পুৰষক দৈনিক ৮ মিগ্ৰা আইৰণৰ প্ৰয়োজন
• আইৰণৰ সমৃদ্ধ খাদ্যঃ
আইৰণৰ অভাৱ পূৰ কৰিবলৈ বাদাম, কাজু, আখৰোট, তুলসী, গুড়, চিনাবাদাম, তিল, বীট, আমলা, জাম, পিস্তা, নেমু, ডালিম, আপেল, পালেং শাক, শুকান কিচমিচ, মধুৰিআম, কল আদি খাব পাৰে।

