Site icon Guwahati Times

মাংস আৰু কণী নোখোৱা সকলে প্ৰ’টিন পাবলৈ আহাৰত অন্তর্ভুক্ত কৰিব লগা ৫ বিধ পাচলি

নিৰামিষভোজী অথবা মাছ-মাংস আৰু কণী নোখোৱা সকলে এইকেইবিধ পাচলি আহাৰত অন্তর্ভুক্ত কৰিব পাৰে।

~ ফুলকবি

খুব কম লোকেই অৱগত হ’ব যে ফুলকবি খাই শৰীৰত প্ৰ’টিন মাত্রা পূৰাব পাৰি, লগতে পটাছিয়াম, মেগনেছিয়াম আৰু আঁহও ইয়াত যথেষ্ট পৰিমাণত পোৱা যায়। যদি ইয়াক নিয়মীয়াকৈ খোৱা হয়, তেন্তে শৰীৰত প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ হৈ থাকিব।

~ পালেং শাক

সেউজীয়া শাকৰ মাজত পালেং শাক অতি পুষ্টিকৰ বুলি গণ্য কৰা হয়। ইয়াত কেৱল প্ৰ’টিনে নহয়, লগতে ই ভিটামিন বি আৰু আঁহেৰে সমৃদ্ধ। সেয়েহে, নিয়মীয়াকৈ পালেং শাক খাব লাগে।

~ আলু

সকলোৱে জানে যে আলু খাই প্ৰ’টিন প্ৰাপ্ত কৰিব পাৰি, অৱশ্যে ইয়াক এক বিশেষ ধৰণে ৰান্ধিব লাগে। কটা আলুবোৰ কম জুইত ভাজি খাব পাৰে। ইয়াৰ পৰা প্ৰ’টিন, ফাইবাৰ, ভিটামিন চি আৰু পটাছিয়াম প্ৰাপ্ত কৰিব পাৰিব।

~ ব্ৰকলি

যদি কোনোবাই মাংস আৰু কণী খাবলৈ ভাল নাপায়, তেন্তে তেওঁলোকে ব্ৰকলি খোৱা আৰম্ভ কৰিব পাৰে। ই হৈছে এক স্বাস্থ্যকৰ পাচলি য’ত প্ৰ’টিনৰ উপৰিও, আইৰণ পোৱা যায়। ইয়াক বইল কৰি অথবা চালাড হিচাপে খাব পাৰে।

~ কাঠফুলা

কাঠফুলা নিশ্চিতভাৱে এক ব্যয়বহুল খাদ্য, কিন্তু ইয়াক প্ৰ’টিনৰ এক সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়। যদি ইয়াক সপ্তাহত ৩ ৰ পৰা ৪ বাৰ খাব পাৰে, তেনেহ’লে শৰীৰত প্ৰ’টিনকে ধৰি আন বহুতো পুষ্টিৰ অভাৱ নহ’ব।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত

Exit mobile version