Site icon Guwahati Times

ঠাণ্ডা দিনত এইকেইটা কাম ভুলতো নকৰিব; নহ’লে হ’ব পাৰে বৃহৎ লোকচান

 ঠাণ্ডাত বা শীতকালত আমি কি ভুল পৰিহাৰ কৰা উচিত জানো আহক।

গৰম পানীৰে গা ধোৱাঃ বিশেষজ্ঞসকলৰ মতে, ঠাণ্ডা বতৰত দীঘলীয়া সময়ৰ বাবে গৰম পানীৰে গা ধোৱাতো স্বাস্থ্যৰ বাবে ভাল নহয়। ই আমাৰ শৰীৰ আৰু মন দুয়োকে বিৰূপভাৱে প্ৰভাৱিত কৰে। দৰাচলতে, গৰম পানীয়ে কেৰাটিন নামৰ ছালৰ কোষবোৰ ক্ষতিগ্ৰস্ত কৰে, যিয়ে ছালত খজুৱতি, শুষ্কতা আৰু দাগৰ সমস্যা বৃদ্ধি কৰে।

বহুত বেছি কাপোৰ পিন্ধাঃ ঠাণ্ডা দিনত বহু মানুহে দেহত ইটোৰ পিছতো সিটো বহু কাপোৰ সোমোৱাই লয়। শীতকালত নিজকে গৰম ৰখাটো ভাল, কিন্তু অত্যাধিক কাপোৰ পিন্ধা পৰিহাৰ কৰিব লাগে। এনে কৰিলে আপোনাৰ শৰীৰ অত্যাধিক গৰম হ’ব পাৰে। দৰাচলতে, যেতিয়া ঠাণ্ডা হয়, আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে শ্বেত ৰক্ত কণিকা (ডব্লিউবিচি) প্ৰস্তুত কৰে, যি আমাক সংক্ৰমণ আৰু ৰোগৰ পৰা সুৰক্ষিত কৰে। গৰম কাপোৰেৰে শৰীৰ অত্যাধিক গৰম কৰি ৰাখিলে ৰোগ প্ৰতিৰোধ ক্ষমতাই ইয়াৰ কাম কৰিব নোৱাৰে।

কফি বেছিকৈ খোৱাঃ শীতকালত মানুহে কফিৰ জুতি লৈ বেছি ভাল পায়। কফিয়ে শীতল হৈ থকা শৰীৰক গৰম ৰখাত সহায় কৰে। কিন্তু সম্ভৱতঃ আপুনি পাহৰি গৈছে যে অত্যাধিক কেফেইন শৰীৰৰ বাবে ক্ষতিকাৰক। আপুনি গোটেই দিনটোত ২ বা ৩ কাপতকৈ অধিক কফি কেতিয়াও নাখাব। অত্যাধিক কেফেইনে আপোনাৰ শৰীৰৰত নানা ৰোগ সৃষ্টি হোৱাত সহায় কৰিব পাৰে।

পানী কমকৈ খোৱাঃ ঠাণ্ডা দিনত মানুহে কমকৈ পানী খায়। মানুহে শীতকালত কম তৃষ্ণাতুৰ অনুভৱ কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে শৰীৰক ঠাণ্ডাত পানীৰ কোনো প্ৰয়োজন নাই। প্ৰস্ৰাৱ, হজম আৰু ঘামৰ কাৰণে পানী শৰীৰৰ পৰা ওলাই আহে। এই ক্ষেত্ৰত, পানী কমকৈ খোৱাৰ বাবে শৰীৰ ডিহাইড্ৰেটেড হোৱা আৰম্ভ হয়। ই বৃক্ক আৰু হজমৰ সমস্যা বৃদ্ধি কৰিব পাৰে।

Exit mobile version