Site icon Guwahati Times

শৰীৰত দ্রুততাৰে শক্তি যোগাবলৈ নিয়মিত খাওক এই ৫বিধ খাদ্য!

Beautiful girl holding her phone and smiling

বাহিৰত প্রচণ্ড গৰম। ঘৰে-বাহিৰে একে সমানে কাম কৰি শৰীৰলৈ আহে ক্লান্তি। শৰীৰৰ ক্লান্তি দূৰ কৰিবলৈ পানী আৰু খাদ্যৰ বিকল্প নাই।
বৰ্তমান অতিৰিক্ত গৰমৰ কাৰণে শৰীৰ সহজে ক্লান্ত হৈ পৰে। শক্তি স্তৰ কমি আহে, দুর্বল লাগে।

এই সময়ত খাব পাৰে ৫ প্ৰকাৰৰ খাদ্য:

১. খুব দ্রুততাৰে এনার্জি বা শক্তি বৃদ্ধি কৰিবলৈ খাব পাৰে এটি পকা কল। সহজলভ্য আৰু সস্তা এই ফলত আছে কার্বোহাইড্রেট, পটাচিয়াম আৰ ভিটামিন বি-৬।

২. ভাত খাব বিচাৰিলে খাওক ৰঙা চাউলৰ ভাত। এই চাউলত আছে প্রচুৰ পুষ্টি। ৰঙা চাউলত আছে ফাইবাৰ বা আঁহ, প্রোটিন আৰু খনিজ, যিয়ে খুব সোনকালে শৰীৰত প্রচুৰ শক্তি আনি দিব।

৩. খাব পাৰে আপেলো। প্রতিদিনে এটি মজলীয়া আকাৰৰ আপেল খালে ক্লান্তি দূৰ হ’ব। এন্টিঅক্সিডেন্ট সমৃদ্ধ আপেলৰ পৰা ফাইবাৰ আৰু প্রাকৃতিক ছুগাৰ পায়। যাৰ বাবে শক্তি দ্রুতভাৱে ঘূৰি আহে।

৪. শক্তি বঢ়াবলৈ ওমেগা থ্রি, ওমেগা ছিক্স ফেটি এচিড আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ কাজুবাদাম, আখৰোট আৰু আলমণ্ড বা যিকোনো বাদাম খাব পাৰে। এক মুঠি বাদাম প্রাণশক্তিত ভৰপূৰ। নিয়মিত বাদাম খাওক।

৫. গৰমত ঘামৰ সৈতে শৰীৰৰ প্রচুৰ পানী বাহিৰ হৈ যায়। এই সময়ত শৰীৰৰ চাহিদা অনুযায়ী পানী খাওক। ইয়াৰ উপৰি নেমু আৰু দেশীয় ফলৰ চৰবত খাওক আৰু ভৰপূৰ শক্তি লাভ কৰক।

Exit mobile version