Site icon Guwahati Times

চজিনা আৰু পকা জলকীয়াই কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে…

আজি অসমৰ হাবিত, অসমীয়াৰ বাৰীত সহজে উপলব্ধ এবিধ মহৌষধি উদ্ভিদৰ কথা কওঁ –
প্ৰাশ্চাত্যত ইয়াৰ চাহিদা অপৰিসীম । ইয়াৰ পাতৰ চাহ, গুৰি আৰু গুটিৰ তেল ইউ এচ ডলাৰ ৫০ ত বিক্ৰি হয় ।গৰ্ভৱতী আৰু গাখীৰ খুৱাই থকা মাতৃৰ বাবে জীৱনদায়িনী ।ইয়াত কলত কৈ বেচি পটাচিয়ামপালেঙতকৈ বেচি আইৰন কণীতকৈ বেচি প্ৰটিন গাজৰতকৈ বেচি ভিটামিন এ আৰু বহুতো আমি ইয়াৰ চিৰা আৰু ফুল খাওঁ, বহুতে পাতো খায় ।ইয়াৰ ইংৰাজী নাম “মৰিংগা” ,মৰিংগা অলেইফেৰা ।আমি কওঁ — চজিনা ।গুগুলত চাব ইয়াৰ গুণাগুণ সম্পৰ্কে ।কেঞ্চাৰ, উচ্চ ৰক্ত চাপ, হৃদ জনিত , কলেষ্টৰেল, ছাল, মাতৃৰ গাখীৰ বৃদ্ধি, যকৃত, এপিলেপচি, মগজু, ডায়বেটিচ, হাপানি আদিৰ বাবে গুণকাৰক ।পাত শুকুৱাই গুৰি কৰি ৩ গ্ৰামকৈ দিনে দুবাৰ ।পাত শুকোৱাৰ বিধি — কিছু পুৰঠ পাত কাগজৰ ঠোঙাত কোঠাৰ শুকান ঠাইত থৈ দিলে ১৪/১৫ দিনত শুকাব । ঠোঙাটো ফুটা ফুটা কৰি লব । পোনপটীয়াকৈ ৰ’দ নলগাব।ইয়াক ” মৰিংগা দি মিৰাক’ল ট্ৰি” বুলি অভিহিত কৰিছে ভেষজ বৈজ্ঞানিক সকলে ।

পকা জলকীয়া:-

জলকীয়াত “কেপচাইছিন” নামৰ ৰাসায়নিক দ্ৰব্য থাকে, ই বিষ নিৰাময়ত কাৰ্যকৰ ।বটা পকা জলকীয়াৰ ৪৫০ গ্ৰামৰ বটল এটা ‘আমাজন’ত কিনিব পাৰে ৫০০.০০ টকাত , ইয়াক কেয়েন্নে পিপাৰ বুলি বেচে ।

খোৱাৰ বিধি –
চাহ চামোচৰ আধাৰ চাৰি ভাগৰ এভাগ গৰম পানীত মিলাই বা আঞ্জাৰ গৰম জোলত মিলাই দিনে তিনিবাৰ খাব লাগে ।দীঘল জ্বলা পকা জলকীয়া আনি বটি লব পাৰে বা ভাতৰ লগত এটা চোবাই খাব পাৰে ।বটি অথবা সৰু সৰুকৈ কাটি অকল মিঠাতেল মিহলাই ৰ’দাই থৈ ব্যৱহাৰ কৰিব পাৰে । ইয়াত নিমখ ব্যৱহাৰ নকৰিব ।

উপকাৰীতা :-
চৰ্দি, নাক বন্ধ ,
এন্টি ইৰিটেচন,
এণ্টি ফাংগেল,
মাইগ্ৰেন, মূৰৰ বিষ,
এন্টি এলাৰ্জিক,
হজম কৰা, ডায়েৰিয়া, এছিডিটি,
গাঁঠিৰ বিষ, মোচোকা খোৱা,
ওজন কমোৱা,
চিগাৰেট হোঁপোতাৰ হাওঁফাওঁৰ কেন্সাৰ প্ৰতিৰোধ,
দাঁত আৰু আলুৰ ৰোগ আৰু
হৃদৰোগ নিৰাময় ।

ই তেজৰ ঘনত্ব কমাই তেজ চলাচল সুচল কৰে, কলেষ্টৰেল কমায় । আজি কলি এচপিৰিন, ডিচপিৰিন জাতীয় দৰব নাই , পকা জলকীয়াই কোনো পাৰ্শ্ব ক্ৰিয়া নকৰাকৈ এচপিৰিনে কৰা কাম ফেৰা কৰে । ইয়াত প্ৰায় ৪৪% ভিটামিন এ থাকে।আমাৰ অসমত বহুতে পেটৰ অসুখত ভোট জলকীয়া খায় । পকা ভোট জলকীয়াত প্ৰচুৰ কেপচাইছিন থাকে।কেতিয়াবা মোচোকা খালে বিষোৱা অংশত নিমখ নিদিয়া পকা জলকীয়াৰ আচাৰৰ তেল সানি চাব।দাঁত বিষালে তেল অলপ কঁপাহত লৈ বিষোৱা দাঁতৰ গুৰিত লগাই থব । লং তেলো দিয়ে। কটা, ফটা ছালত এনে তেল নাসানিব।

লেখক: দিলৱাৰ হুছেইন

Exit mobile version