Site icon Guwahati Times

পূণ্য আত্মা কেনেকৈ থাকে স্বৰ্গত – ৰহস্যময় কথা জানিবলৈ পঢ়ক আৰু পঢ়ুৱাওক এই অমৃত শিতান।

এই পৃথিৱীৰ সকলো মানুহে জীৱনৰ শেষ সময়ত যেতিয়া মৃত্যুৰ ক্ষণ গণে তেতিয়াহে মনত স্বৰ্গলৈ যোৱাৰ আশা খুব জাগ্ৰত হয়। কিন্তু আপুনি জানেনে স্বৰ্গত কি কি থাকে, কেনেকুৱা হয় স্বৰ্গলোক , আৰু সেই ঠাই পোৱাৰ পিছত আত্মাৰ অনুভূতি কেনেকুৱা হয় , এই ঐশ্বৰিক ৰহস্যময় কথা আজিৰ ধাৰ্মিক লোকে নিশ্চয় ভাল পাব।SPIRITUAL KNOLEDGE

ভৱিষ্যপুৰাণৰ বাণী অনুসৰি মৃত্যুৰ পিছত এটি পূণ্য আত্মাক পোন প্ৰথমে যমৰাজৰ ওচৰলৈ লৈ যোৱা হয়, পূণ্য আত্মা উত্তম পথেৰে খুব সুখপূৰ্বক ভাবে ধৰ্মৰাজ অৰ্থাৎ যমৰাজৰ ওচৰ পায়গৈ। ভৱিষ্যপুৰাণ অনুসৰি যমৰাজে এই আত্মাক খুব আদৰ আৰু সম্ভাষণ কৰি কয়, ” হে পৰমাত্মা, তুমি ধন্য , তুমি আনৰ উপকাৰী আছিলা, তুমি স্বর্গ সুখ প্ৰাপ্তিৰ বাবে বহু পূণ্য কৰি আহিছাঁ, যোৱা তুমি স্বৰ্গ বাহনেৰে স্বৰ্গত প্ৰৱেশ কৰা”। আৰু কথা অনুসৰি আত্মা স্বৰ্গত প্ৰৱেশ কৰে ; পূণ্য আত্মা স্বৰ্গত প্ৰৱেশ কৰা মাত্ৰকে সেই আত্মাক বিভিন্ন ধৰণৰ বাদ্য যন্ত্ৰৰ ধ্বনিৰ দ্বাৰা স্বাগতম জনোৱা হয়।

গৰুড় পুৰাণ অনুসৰি স্বৰ্গ এনে এক ঠাই যত সকলো ধৰণৰ সুযোগ সুবিধাৰ কোনো অভাৱ নাই । এই স্বৰ্গ জীৱিত কালত নিজৰ সুকৰ্মৰ ফল অনুসৰি প্ৰাপ্ত হয় ; যি লোকে জীৱিত কালত তপস্যা, দান আৰু মহান কৰ্ম নকৰে আৰু যি লোক অসত্যবাদী সেই লোকৰ আত্মাই স্বৰ্গ প্ৰাপ্তি কৰিব নোৱাৰে। বিপৰীতে যি লোক ধৰ্ম পৰায়ন, সত্যবাদী, কৰ্তব্য পৰায়ন আৰু দানবীৰ সেই লোকৰ আত্মাই অনায়াসে স্বৰ্গ প্ৰাপ্তি কৰে।

স্বৰ্গত দেৱতা, সাধু, বিষ্ণুদেৱ, মহাঋষি, যম, ধাম, গন্ধৰ্ব আৰু অপ্সৰা সকলোৰে বাবে পৃথক পৃথক ঠাই থাকে, আৰু সকলোৱে নিজৰ ইচ্ছা অনুসৰি ভোগ বিলাস কৰিব পাৰে। স্বৰ্গ হৈছে এখন স্বৰ্ণ পৰ্বত যাৰ নাম সুমেৰুগীৰি । স্বৰ্গত যোৱা ব্যক্তি ভোক, পিয়াহ, গৰম, ঠাণ্ডা, ভাগৰ , হতাশা আৰু দুখৰ পৰা মুক্ত হৈ থাকে। স্বৰ্গত এনে কোনো অশুভ আৰু লেতেৰা বস্তু নাথাকে যাক দেখিলে ঘৃণাৰ সৃষ্টি হ’ব পাৰে ; চাৰিওফালে মন প্ৰাণ সুগন্ধি কৰা মলয়া বতাহ বিৰাজমান থাকে, সকলো সময়ত মন প্ৰাণ প্ৰসন্ন কৰা বাদ্য ধনী শুনিবলৈ পোৱা যায়। স্বৰ্গত কোনোৱে দুখ নকৰে, নাকান্দে, কোনো বৃদ্ধ নহয় ; স্বৰ্গত মানুহৰ শৰীৰ যুৱক যুৱতীৰ দৰে হৈ থাকে, দেহৰ পৰা ঘাম নোলায়, সকলো সময়ত সুখ শান্তি বিৰাজমান থাকে। আৰু এইসমূহ জীৱিত কালত কৰি যোৱা ভাল কৰ্মৰ ফলতে উপলব্ধ হয়। স্বৰ্গত কাৰো দেহৰ পৰা দুৰ্গন্ধ নোলায়, পিন্ধা কাপোৰ কেতিয়াও লেতেৰা নহয়।

স্বৰ্গৰ আত্মা সমূহৰ মাজত কেতিয়াও হিংসা আৰু বিদ্রোহ, জেদ আৰু অহংকাৰ নাথাকে, বিপৰীতে ইজনে সিজনৰ প্ৰতি মৰম ভালপোৱা ৰক্ষা কৰে।

2022-11-02
Exit mobile version