Site icon Guwahati Times

সোমবাৰৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা! ঠায়ে ঠায়ে ধুমুহা অহাৰ আগজাননী, হাই এলাৰ্ট জাৰি…

ৰাজ্যত যেন এইবাৰ আগতীয়া বাৰিষা। ৰঙালী বিহুৰ সময়ৰ পৰাই ৰাজ্যজুৰি কম বেছি পৰিমাণে বৰষুণ হৈ থকা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ দুদিনমান বতৰ কিছু ফৰকাল কৰিছে যদিও অহা সোমবাৰৰ পৰা আকৌ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। শুকুৰবাৰ পৰ্যন্ত বৰষুণ এৰাৰ নাই কোনো সম্ভাৱনা।বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, গুৱাহাটী মহানগৰীৰ লগতে উজনি নামনিৰ প্ৰায় প্ৰতিখন জিলাতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সেইদৰে ঠাই বিশেষে বতাহ-ধুমুহা অহাৰো আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

সোমবাৰৰ পৰা ৰাজ্যত সৰ্বোচ্চ তাপমাত্ৰা ৩৩ ডিগ্ৰী হোৱাৰ বিপৰীতে সৰ্বনিম্ন ২৩ ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version