Site icon Guwahati Times

উচ্চ ৰক্তচাপৰ ৰোগীয়ে নকৰিবলগীয়া ভুলবোৰ

শৰীৰত ৰক্তচাপ বৃদ্ধি হোৱাটো বৰ্তমান এটা সাধাৰণ সমস্যাত পৰিণত হৈছে। কিন্তু এইটো এটা গুৰুতৰ সমস্যা যিয়ে ইয়াৰ সৈতে আন বহুতো ৰোগৰ সৃষ্টি কৰিব পাৰে। উচ্চ ৰক্তচাপ ৰোগীৰ বাবে এটা মুখ্য সমস্যা হৈছে ষ্ট্ৰোক। সেয়েহে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাটো অতি গুৰুত্বপূৰ্ণ।

কিন্তু প্ৰায়ে মানুহে ৰক্তচাপ হ্ৰাস বা নিয়ন্ত্ৰণ কৰোঁতে এনে কিছুমান ভুল কৰে, যাৰ ফলত ই নিয়ন্ত্ৰণলৈ অহাৰ পৰিৱৰ্তে নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। এনে পৰিস্থিতিত, নকৰিবলগীয়া ভুলবোৰৰ বিষয়ে জানি থোৱাটো উচিত

ৰক্তচাপ নিয়ন্ত্ৰণ কৰোঁতে এই ভুলবোৰ নকৰিবঃ

~ পৰ্যাপ্ত পানী নোখোৱা

পানীৰ অভাৱৰ বাবে ৰক্তচাপ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে। প্ৰায়ে দেখা যায় যে ডিহাইড্ৰেচন থকা লোকসকলৰ উচ্চ ৰক্তচাপৰ সমস্যাও থাকে। পানীৰ অভাৱৰ বাবে, তেজ ডাঠ হ’বলৈ আৰম্ভ কৰে, যি ৰক্তচাপ বৃদ্ধি কৰিব পাৰে। সেইকাৰণে মানুহে পৰ্যাপ্ত পানী খাব লাগে। ইয়াৰ বাবে দিনে ২ ৰ পৰা ৪৩ লিটাৰ পানী খোৱাটো আৱশ্যক।

~ নিশাৰ আহাৰ দেৰিকৈ খোৱা

ৰাতি পলমকৈ আহাৰ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। নিশা মানুহৰ হজম প্ৰক্ৰিয়া লেহেমীয়া হয় আৰু খাদ্য সঠিকভাৱে হজম নহয়, ই পাকস্থলী সম্পৰ্কীয় আৰু মেদবহুলতাৰ আশংকা বৃদ্ধি কৰিব পাৰে। লগতে, নিশা পলমকৈ খাদ্য খালে ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। গতিকে সম্ভৱ হ’লে সন্ধিয়া ৭ বজাৰ ভিতৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰিব লাগে।

~ অত্যাধিক নিমখ খোৱা

ৰক্তচাপ থকা ৰোগীৰ বাবে নিমখ খোৱাটো ক্ষতিকাৰক। কিয়নো, নিমখত ছডিয়াম থাকে আৰু অত্যাধিক ছডিয়াম গ্ৰহণৰ ফলত ৰক্তচাপ বৃদ্ধি হয়। সেয়েহে, এনে খাদ্য খোৱা পৰিহাৰ কৰিবলৈ চেষ্টা কৰা উচিত য’ত নিমখ বেছিকৈ থাকে।

Exit mobile version