Site icon Guwahati Times

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী: সকলো উৎকণ্ঠাৰ অৱসান ঘটিল। বিজেপিৰ নৱনির্বাচিত ৬০ বিধায়কে আজি বাছনি কৰিলে অসমৰ নতুন মুখ্যমন্ত্রী৷
আজি বিধায়িনী দলৰ বৈঠকত নতুন মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা।

আজি বিধায়িনী দলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰে সৰ্বানন্দ সোণোৱালে আৰু সেই প্ৰস্তাৱক সমৰ্থন কৰে ৰঞ্জিত দাস আৰু নন্দিতা গাৰ্লোছাই।

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হ’ব অসমৰ ১৫ নম্বৰজন মুখ্যমন্ত্ৰী।
Exit mobile version