Site icon Guwahati Times

মাদ্ৰাছা শব্দটো অস্তিত্বহীন হ’ব লাগে :হিমন্ত বিশ্ব শৰ্মা

মাদ্ৰাছা শব্দটো অস্তিত্বহীন হ’ব লাগে আৰু সকলো বিদ্যালয়তে আধুনিক শিক্ষা থাকিব লাগে।মানৱ অধিকাৰ উলংঘা কৰি শিশুসকলক মাদ্ৰাছাত ভৰ্তি কৰোৱা হয়।দেওবাৰে দিল্লীত পঞ্চজন্য  ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ দ্বাৰা আয়োজিত ‘মিডিয়া মহামন্থন’ নামৰ এক অনুষ্ঠানত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,”যেতিয়ালৈকে “মাদ্ৰাছা” শব্দটো বিদ্যমান, শিশুসকলে চিকিৎসক আৰু অভিযন্তা হোৱাৰ বিষয়ে ভাবিব নোৱাৰিব।যদি তেওঁলোকে মাদ্ৰাছাত অধ্যয়ন কৰে তেন্তে তেওঁলোক চিকিৎসক বা অভিযন্তা নহ’ব, তেওঁলোকে নিজেই যাবলৈ অস্বীকাৰ কৰিব।

আপোনাৰ সন্তানক কোৰাণ শিকাওঁক, কিন্তু ঘৰত।মাদ্ৰাছাত শিশুসকলক ভৰ্তি কৰাটো তেওঁলোকৰ মানৱ অধিকাৰৰ উলংঘন।সকলো শিশুক বিজ্ঞান, অংক,জীৱ বিজ্ঞান,উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান শিকোৱাৰ ওপৰত গুৰুত্ব দিয়া উচিত।’মাদ্ৰাছা’ শব্দটো অস্তিত্বহীন হ’ব লাগে আৰু সকলো বিদ্যালয়তে আধুনিক শিক্ষা থাকিব লাগে।”

Exit mobile version