হিমন্তই চকু মেলিয়েই ভাৱে আজমল মুখ্যমন্ত্ৰীৰ চকীত বহিছে:বদৰুদ্দিন

0 min read

“বিজেপিয়ে এতিয়া সংখ্যালঘুক মুৰ্গী হিচাপে পালন কৰি আছে৷যেতিয়াই সময় আহিব তেতিয়াই কাটি খাব৷”এই মন্তব্য এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ৷

আজি বৰপেটাৰ খণ্ডকাৰপাৰাত আয়োজন কৰা এ আই ইউ ডি এফৰ কৰ্মীসভাত এই মন্তব্য কৰে বদৰুদ্দিন আজমলে৷আনহাতে, হিমন্ত বিশ্ব শৰ্মাই আজমলক উদ্দেশ্যি কৰি অহা সমালোচনা সম্পৰ্কত আজমলে কয় যে,

‘‘মই হিমন্ত বিশ্বক সমালোচনা কৰা নাই৷মই তেওঁক প্ৰশংসাহে কৰি আহিছো৷মুখ্যমন্ত্ৰীৰ চকীৰ সৈতে আজমলৰ কোনো সম্পৰ্ক নাই৷হিমন্ত বিশ্বই নিজেতো মুখ্যমন্ত্ৰীৰ আসনত বহিব নোৱাৰেই৷সেয়ে তেওঁ চকু মেলিয়েই ভাৱে আজমল মুখ্যমন্ত্ৰীৰ চকীত বহিছে৷”

You May Also Like

More From Author