হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়- ই অফিচিয়েল লেঙ্গুৱেজহে: বিজেপিৰ মূল লক্ষ্য হ’ল হিন্দী হিন্দু হিন্দুত্ব: কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিয়াৰ বিৰোধিতাৰে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল আয়োজন কৰি বিজেপি-আৰ এছ এছক তীব্ৰ সমালোচনা ।
অমিত শ্বাহৰ ঘোষণা অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্য সমূহত হিন্দী শিক্ষা দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰা ঘোষণা লগে লগে জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি
হিন্দী ভাষা জাপি দিয়াটো ভাৰতৰ একতা আৰু বৈচিত্ৰতাৰ বাবে উদ্বেগজনক:অসম অসমীয়া জাতীয়তাবাদৰ ওপৰত ১৮ নং মোগল আক্ৰমণ বিজেপিৰ ।
বিজেপিৰ মূল লক্ষ্য হ’ল হিন্দী হিন্দু হিন্দুত্ব । বিজেপি আৰ এচ এচয়ে সৰু সৰু জনগোষ্ঠী নৃগোষ্ঠীয় ভাষাক ধ্বংস কৰাৰ এক অভিসন্ধি কৰিছে । অসমীয়া জাতীয়তাবাদ আৰু উত্তৰ পূৱৰ নৃগোষ্ঠীয় জাতীয়তাবাদক ধ্বংস কৰিব খুজিছে বিজেপিয়ে ।ভাৰতৰ সংবিধানৰ যুক্তৰাষ্ট্ৰীয় গাঠনিক আঘাত কৰিছে বিজেপিয়ে । বিজেপিয়ে প্ৰচাৰ কৰাৰ দৰে হিন্দী ৰাষ্ট্ৰীয় ভাষা নহয় অফিচিয়েল ভাষাহে ।
গেৰুৱা জাতীয়তাবাদক সাংস্কৃতিক সন্ত্ৰাসবাদ বুলি অভিহিত ছাত্ৰ মুক্তিৰ নেতা মানস কোঁৱৰৰ ।
অমিত শ্বাহৰ ঘোষণাক অসম আৰু অসমীয়াৰ ওপৰত মোগলৰ ১৮ নম্বৰৰ আক্ৰমণ হিচাপে অভিহিত ছাত্ৰ মুক্তিৰ । এই আক্ৰমণৰ পৰা অসম আৰু অসমীয়াক ৰক্ষা কৰিব নোৱাৰিলে অসমীয়া জাতীয়তাবাদ আৰু কোনোদিনেই বাচি নাথাকে — মন্তব্য মানস কোঁৱৰৰ
হিন্দী বাধ্যতামূলক হ’লে ১৮৩৭ চনৰ দৰেই অসমীয়া ভাষাৰ বিপৰ্যয়ৰ সন্মুখীন হব । শেষ হৈ যাব অসম আৰু উত্তৰ-পূৱৰ নৃগোষ্ঠীয় জাতীয়তাবাদ , স্বাভিমান স্বকীয়তা শেষ হৈ যাব বুলি অভিহিত কৰিছে ছাত্র মুক্ত সংগ্ৰাম সমিতিয়ে ।

