Site icon Guwahati Times

ইছলাম ধৰ্মাৱলম্বী দেশত পোৱা গ’ল আটাইতকৈ প্ৰাচীন মন্দিৰ

ইছলাম ধৰ্মাৱলম্বী দেশ তুৰ্কীত এক ঐতিহাসিক তথা গুৰুত্বপূৰ্ণ বস্তু আৱিষ্কাৰ কৰা হৈছে। প্ৰত্নতাত্ত্বিকসকলে পূৱ তুৰ্কীৰ ভান জিলাত এটা প্ৰাচীন গুহা খনন কৰোঁতে এটা মন্দিৰ পাইছে। এই মন্দিৰৰ সম্পৰ্ক ৰজা মিনুৱাৰ সৈতে আছে বুলি জানিব পৰা গৈছে। ৰজা মিনুৱাৰ আন এটা মন্দিৰও ইয়াৰ পূর্বে পুৰাতত্ত্ববিদসকলে আৱিষ্কাৰ কৰিছিল। প্ৰকৃততে তুৰ্কীত প্ৰাচীন গুহাৰ খননৰ কাম চলি আছে। খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাত ৰজা মিনুৱাই এই মন্দিৰটো নিৰ্মাণ কৰিছিল। এই মন্দিৰটোৰ বৰ্তমান কৰযুত (Körzüt) নামেৰে জনা যায়।

তুৰ্কীৰ সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰালয়ৰ অনুমতি অনুসৰি, এই গুহাটোৰ খননৰ কাম কৰা হৈছে। খননৰ সময়ত বহুতো গুৰুত্বপূৰ্ণ বস্তু আৱিষ্কাৰ কৰা হৈছে। খননৰ এই কামটো ভান য়ুজুংকু য়িল বিশ্ববিদ্যালয়ৰ পুৰাতত্ত্ব বিভাগৰ অধ্যাপক চাবাহাটিন আৰ্ডোয়ানৰ নেতৃত্বত কৰা হৈছে। তুৰ্কী চৰকাৰেও এই কামৰ বাবে পুঁজি যোগান ধৰিছে। অৱশ্যে, শীতকালৰ প্ৰতি লক্ষ্য ৰাখি, গুহাটোৰ খনন কাৰ্য সাময়িকভাৱে বন্ধ কৰা হৈছে। ইপিনে, পুৰাতত্ত্ববিদসকলে আৱিষ্কাৰ কৰা এই মন্দিৰটো কৰ্বেলিং কৌশলেৰে নিৰ্মাণ কৰা হৈছিল। মৃৎশিল্পৰ টুকুৰা আৰু ধাতুৰ শিল্পকলাও ইয়াত পোৱা গৈছে।

Exit mobile version