Site icon Guwahati Times

‘বুলেট চলাবলৈ সাজু থাককঃ’ ছাত্ৰ সমাজক উদ্দেশ্যি ক’লে হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যৰ স্বাস্থ্য শিক্ষা তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সৰভোগত এখন জন সভাত অংশ গ্ৰহণ কৰে। এই সভাতেই মন্ত্ৰী গৰাকীয়ে কয় যে অহা বৰ্ষত ছাত্ৰ সকলক বুলেট প্ৰদান কৰিব। কিন্তু মন্ত্ৰী গৰাকীয়ে কি চৰ্তত বুলেট প্ৰদান কৰিব সেইটো ৰাজহুৱা নকৰিলে।

মন্ত্ৰী গৰাকীয়ে কয় যে আপোনালোকে বাইক চলাব সাজু নে। আমি আকৌ এবাৰ চৰকাৰ গঠন কৰাৰ পিছত চাওঁ কি কৰিব পাৰো। কিন্তু আপোনালোকে চালকৰ অনুজ্ঞা পত্ৰ লৈ সাজু হৈ থাকক।

উল্লেখ্য যে চলিত বৰ্ষত ড০ বাণী কান্ত কাকতি মেধা বটা প্ৰজ্ঞা ভাৰতী আঁচনিৰ অধীনত প্ৰায় ২২ হেজাৰ স্কুটী প্ৰদান কৰিছিল ছাত্ৰী সকলৰ মাজত ৰাজ্য চৰকাৰে।

ইয়াৰ পিছত ছাত্ৰ সমাজৰ মাজতো বুলেট প্ৰদানৰ দাবী উঠিছিল । ড০ শৰ্মাই ৰাজ্যৰ বিভিন্ন
ঠাইৰ সভা সমিতিত অংশ লোৱাৰ সময়ত সুযোগ বুজি ছাত্ৰ সমাজে তেওঁক এই বিষয়ে অৱগত কৰিছিল।

Source – Niyomia Barta

Exit mobile version