১৫০ বিঘা ভূমিত উচ্ছেদ অভিযান হোজাই প্রশাসনৰ

0 min read

হোজাই জিলাৰ লংকা ৰাজহ চক্রৰ অন্তর্গত কাকী তিনি হাজাৰ বিঘা তাৰালাংচুৰ কাকিনী ফার্মৰ ৰবৰ বাগানত আজি সন্দেহজনক অবৈধ দখলকাৰীৰ বিৰুদ্ধে হোজাই জিলা প্রশাসনে উচ্ছেদ অভিযান চলাই বেদখলমুক্ত কৰে ৰবৰ বাগানখনৰ নামত আবণ্টিত ভূমি৷লংকা ৰাজহ চক্রৰ চক্র বিষয়া ৰাকেশ ডেকাৰ নেতৃত্বত যোৱা আৰক্ষী–প্রশাসনৰ এক বিশাল বাহিনীৰ উপস্থিতিত অঞ্চলটোত পুৱা ৯বজাৰ পৰা চলা উচ্ছেদ অভিযানত বাগানখনৰ ভূমিত অবৈধভাৱে দখল কৰি থকা ১৫টাকৈ পৰিয়ালৰ বাসগৃহ এক্সকেভেটৰেৰে ভাঙি চূৰমাৰ কৰাৰ লগতে বাগানখনৰ ১৫০ বিঘাৰো অধিক ভূমিত অবৈধভাৱে কৰা কুঁহিয়াৰ–হালধি খেতি নষ্ট কৰে৷

উল্লেখ্য যে ১৯৮৬ চনত অগপৰ প্রফুল্ল মহন্ত চৰকাৰৰ দিনত ভূমি সংৰক্ষণ বিভাগৰ নগাঁও সংমণ্ডলৰ অধীনত ২৭৫ বিঘা ভূমিত ৰবৰ বাগানখন স্থাপন কৰা হৈছিল৷ ভূমি সংৰক্ষণ বিভাগৰ মাটি লীজত লৈ বাগানখন স্থাপন কৰিছিল ‘আছাম প্লেণ্টেচন কর্প ডেভেলপমেণ্ট কর্প’ৰেচন লিমিটেড’ নামৰ সংস্থাটোৱে৷ কিন্তু বিগত ১০ বছৰমানৰ পৰা চৰকাৰী ভূমিত থকা বাগানখনত ৰবৰৰ আঠা সংগ্রহ স্তিমিত হোৱাৰ লগতে একাংশ সন্দেহজনক অবৈধ দখলকাৰীয়ে ৰবৰৰ গছ কাটি তহিলং কৰি ঘৰ–দুৱাৰ সাজি বেদখল কৰা আৰম্ভ কৰে৷সমান্তৰালকৈ বাগানৰ ১৫০ বিঘাৰো অধিক মুকলি ভূমিত কুঁহিয়াৰ, হালধি, আদা আদিৰ খেতি কৰি বেদখল কৰে৷

ইপিনে, দীর্ঘদিনৰ অন্তত কালি বিয়লি ৪বজাত হোজাই জিলা প্রশাসনে উচ্ছেদৰ নির্দেশ জাৰি কৰে৷আনহাতে, আজিৰ উচ্ছেদ অভিযানত গৃহহীন লোকসকলে প্রশাসনৰ এই কার্যত তীব্র ক্ষোভ প্রকাশ কৰে৷ নির্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰি অহা বুলি দাবী কৰি লোকসকলে পৰিয়াল লৈ ক’ত যাব কি কৰিব বুলি প্রশাসনৰ ওচৰত সহায় বিচাৰে৷ ইফালে, আজিৰ এই উচ্ছেদৰ পাছতে হোজাই জিলা আমছুৱে ডবকাত এখন সংবাদ মেল অনুষ্ঠিত কৰে৷ সংবাদ মেলত হোজাই জিলা প্রশাসনৰ এই উচ্ছেদক সম্পূর্ণ বেআইনী বুলি মন্তব্য কৰে আমছুৱে৷

আমছুৰ কেন্দ্রীয় নেতা মনোৱাৰ হুছেইন, গিয়াছ উদ্দিন তাফাদাৰ, হোজাই জিলা সমিতিৰ সম্পাদক কবিৰ আহমেদ লস্কৰ, ৰাজীৱ হুছেইন উপস্থিত থকা সংবাদ মেলখনত আমছু নেতাসকলে কাকীৰ তেৰালাংচুত হোৱা এই উচ্ছেদক তীব্র গৰিহণা দি কয় যে এই ৭৪টা পৰিয়ালে স্বাধীনতাৰ সময়ৰ পৰাই উক্ত ঠাইখিনিত বসবাস কৰি আছে৷ প্রাক্তন সৈনিকৰ পৰিয়ালো এই ঠাইখনত আছে৷ লোকসকলে স্বাধীনতাৰ সময়ৰে পৰা চৰকাৰী ৰাজহ আদায় দি বসবাস কৰাৰ তথ্য সংবাদ মেলত দাঙি ধৰে আমছুৱে৷ সংবাদ মেলত আমছু নেতাই কয় যে উক্ত পৰিয়ালকেইটিক হোজাই জিলা প্রশাসনে কালি জাননী জাৰি কৰিয়েই আজি উচ্ছেদ কৰাটো নিশ্চয় ৰহস্যজনক ৷ এজন মন্ত্রী আৰু চৰকাৰৰ পৃষ্ঠপোষকতাত বেআইনীভাৱে এই উচ্ছেদ কার্য সম্পন্ন কৰাৰ অভিযোগ কৰিছে আমছুৱে৷ কালি হোজাই জিলা প্রশাসনে যিখন জাননী জাৰি কৰিছিল, উক্ত জাননীখন কোনো তাৰিখ নিদিয়াকৈ প্রেৰণ কৰা হৈছিল৷ কালি দিয়া জাননীখনৰ দ্বাৰা এমাহৰ ভিতৰত লোকসকলক ঘৰ–বাৰী ভাঙি ঠাইখন বেদখলমুক্ত কৰিবলৈ নির্দেশ দিয়া হৈছিল৷ কিন্তু ২৪ ঘণ্টা নৌযাওঁতেই কিয় উচ্ছেদ কৰিবলগীয়া হ’ল বুলি সংবাদ মেলত আমছুৱে প্রশ্ণ উত্থাপন কৰে৷ সংবাদ মেলত আমছু নেতাসকলে হোজাই জিলা প্রশাসনক এই কার্যৰ বাবে তীব্র গৰিহণা দি কয় যে হোজাই জিলা প্রশাসনে উচ্চ ন্যায়ালয়ৰ ৰায়কো ভেঙুচালি কৰি উচ্ছেদ কার্য সম্পন্ন কৰিছে৷

ক’ৰোনাৰ সময়ত ৰাজ্য চৰকাৰে কোনো ধৰণৰ উচ্ছেদ কৰিব নোৱাৰে বুলি উচ্চ ন্যায়ালয়ৰ নির্দেশকো অমান্য কৰি হোজাই জিলা প্রশাসনে উচ্ছেদ অভিযান চলোৱা বুলি আমছুৱে অভিযোগ কৰে৷ লংকাৰ ৰাজহ চক্র বিষয়াক আমছু নেতাই উচ্চ ন্যায়ালয়ৰ উক্ত নির্দেশৰ কপি হোৱাটছএপযোগে উচ্ছেদৰ পূর্বে প্রেৰণ কৰিছিল৷ কিন্তু বিষয়াজনে এনে কোনো জাননী লাভ নকৰা বুলি মন্তব্য কৰাত আমছুৱে তীব্র গৰিহণা প্রকট কৰে৷ উচ্চ ন্যায়ালয়ৰ নির্দেশক অমান্য কৰাৰ বাবে হোজাই জিলা উপায়ুক্ত ড০ সাদনেক সিং আৰু লংকা ৰাজহ চক্র বিষয়া ৰাকেশ দাসৰ বিৰুদ্ধ আমছুৱে গোচৰ তৰিব বুলি সংবাদ মেলত অৱগত কৰে৷ কালি হোজাই জিলা প্রশাসনৰ সাম্প্রদায়িক নীতি তথা এই অবৈধ উচ্ছেদ কার্যৰ বাবে আমছুৱে ক’লা বেজ পৰিধান কৰি প্রতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে৷

অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ

অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ৷ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে আজি গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কার্যালয়ত সম্বোধন কৰা সংবাদ মেলত অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে জাঙুৰ খাই উঠে৷ সংবাদ মেলত সভাপতিগৰাকীয়ে অসম চৰকাৰে কিছুদিন পূর্বে চতিয়াৰ কেইবাখনো গাঁৱত অমানৱীয় উচ্ছেদ কৰাৰ পাছত পুনৰ আজি হোজাইৰ কাকী অঞ্চলতো অমানৱীয় উচ্ছেদ কার্যৰ তীব্র বিৰোধিতা কৰে৷ অসম চৰকাৰক তীব্র ভাষাৰে সমালোচনা কৰি ভাৰতৰ সংবিধান অমান্য কৰাৰ লগতে উচ্চতম ন্যায়ালয়ক অৱমাননা কৰা বুলি উল্লেখ কৰে সভাপতিগৰাকীয়ে৷ তেও কয় যে ৰাজ্যৰ জনসাধাৰণক অন্ন–বস্ত্র–বাসস্থান্ দিয়াৰ দায়িত্ব চৰকাৰৰ৷ তাকে নকৰি কালি জাননী দি আজিয়ে উচ্ছেদ কৰাটো এক অমানৱীয় বুলি আখ্যা দিছে সভাপতিগৰাকীয়ে৷ তদুপৰি তেওঁ সংবাদ মেলত উচ্ছেদিত পৰিয়ালক দিয়া জাননী সংবাদ মেলত দেখুৱাই কয় যে উচ্ছেদিত পৰিয়ালক কালি দিয়া জাননীত তিনি মাহৰ ভিতৰত খালী কৰাৰ কথা উল্লেখ থকাৰ লগতে উচ্চ ন্যায়ালয়ে এই ক’ভিড মহামাৰীৰ সময়ত উচ্ছেদ কার্য বন্ধ ৰখাৰ নির্দেশ দিছে ৷

কিন্তু চৰকাৰ তথা জিলা প্রশাসনে জাননী দিয়াৰ ১২ ঘণ্টা পাৰ নৌহওঁতেই আৰু ন্যায়ালয়ৰ নির্দেশক অমান্য কৰি কিছুদিন পূর্বে চতিয়াৰ কেইবাখনো গাঁৱত অমানৱীয় উচ্ছেদ কৰাৰ পাছত পুনৰ আজি হোজাইৰ কাকী অঞ্চলতো অমানৱীয় উচ্ছেদ কৰাটো এক অমানৱীয় অত্যাচাৰ কৰা বুলি উল্লেখ কৰে৷ তদুপৰি উচ্ছেদিত পৰিয়ালসমূহ সততে সন্দেহযুক্ত আৰু বাংলাদেশী বুলি কোৱা সন্দর্ভত আমছুৰ সভাপতিগৰাকীয়ে কয় যে যদি লোকসকল প্রকৃত ভাৰতীয় নাগৰিক হয় তেন্তে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰক আৰু তাত আমছুৱে পূর্ণ সহযোগিতা আগবঢ়াব৷আৰু যদি বিদেশী হয় তেন্তে আইনমতে ব্যৱস্থা গ্রহণ কৰি বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰক৷ এইক্ষেত্রত তেওঁ চৰকাৰক প্রত্যাহ্বান জনাই কয় যে চৰকাৰে চলোৱা উচ্ছেদিত পৰিয়ালৰ এটাও বিদেশী নাই৷বৰঞ্চ তেওঁলোকে ১৯৭৫–৭৬ চনৰ পৰা খাজনা দিয়া ৰচিদ থকা বুলি সংবাদ মেলত উল্লেখ কৰে সভাপতিগৰাকীয়ে৷

You May Also Like

More From Author