Site icon Guwahati Times

হোজাইত এতিয়াও আশ্ৰয় শিবিৰত সহস্রাধিক বানাক্ৰান্ত : পুনৰ মৃতদেহ উদ্ধাৰ, সন্ধানহীন এজন

কপিলীৰ বাঢ়নী পানী হোজাই জিলাৰ লংকা আৰু হোজাই ৰাজহ চক্ৰত বান পৰিস্থিতি কিছু শাম কাটিছে যদিও এতিয়াও লংকা ৰাজহ চক্ৰত এতিয়াও এঘৰটা আৰু হোজাইত ২৯ টা আশ্ৰয় শিবিৰত প্ৰায় দহ শতাধিক লোক আশ্ৰয় গ্ৰহণ কৰি আছে এই লোক সকলক হোজাই ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ অমনোযোগিতাৰ বাবে হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে নিজৰ তত্বাৱধানত খাদ্য সামগ্ৰী যোগান ধৰিছে। হোজাইৰ শিৱপুৰ, ৱাৰীগেডিং, হায়ঙ, আদি অঞ্চলত পানী কমিছে যদিও বানাক্ৰান্ত সকল নিজ নিজ ঘৰলৈ এতিয়াও যাব নোৱাৰাত ৰেল আলিতে আশ্ৰয় গ্ৰহণ কৰি আছে । হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰত বান পৰিস্থিতি সিমান উন্নত হোৱা নাই । এই ৰাজহ চক্ৰত ২৪ টা আশ্ৰয় শিবিৰত প্ৰয়োজনীয় খাদ্য সামগ্ৰী আৰু পশুখাদ্য প্ৰশাসনৰ তৰফৰ পৰা প্ৰেৰণ কৰা হয় । এই ৰাজহ চক্ৰত বানাক্ৰান্ত বহু অঞ্চলৰ পঞ্চায়তত চৰকাৰী সাহায্য লুকুৱাই ৰখাৰ যি অভিযোগ উঠিছিল সেয়া প্ৰশাসনে তদন্ত কৰি সেই সামগ্ৰী সমূহ উদ্ধাৰ কৰি বিতৰণৰ ব্যৱস্থা কৰে । ইফালে বানত সন্ধানহীন হোৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ দৃষ্টি হৈছে। আজি হোজাইৰ যমুনামুখৰ ভেৰভেৰীত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ । যুৱক জন নগাঁওৰ আজিজুল হক বুলি জনা যায় । যুৱক জনে নগাঁওৰ পৰা বানপানী চাবলৈ আহিছিল তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল যুৱক জন। আৰক্ষীয়ে যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁলৈ প্ৰেৰণ কৰে । ইফালে যোৱা ১৯ মেৰ পৰা যমুনামুখৰ বৰজাৰী মাজগাঁৱৰ মিনাজ উদ্দিন নামৰ ৩৭ বছৰীয়া যুৱক এজন সন্ধানহীন হৈ আছে । যুৱক জন সেই দিনা বানপানীৰ মাজতেই সৰুপথাৰ-যমুনামুখ পথেৰে যমুনামুখলৈ গৈ থকা সময়তে সন্ধানহীন হয় । অৱশ্যে এই সন্ধানহীন হোৱা লোক জনৰ কোনো তথ্য চৰকাৰী নথিত উল্লেখ নাই বুলি জনা যায় । ইফালে কালি বানত উটি অহা মৃতদেহ আজিও চিনাক্ত হোৱা নাই বুলি জনা যায় ।

Exit mobile version