Site icon Guwahati Times

ভোটৰ দিনঃ গুৱাহাটীত স্থানীয় বন্ধ ঘোষণা চৰকাৰৰ

গুৱাহাটী পৌৰ নিগম এলেকাৰ অধীনস্থ সকলো অঞ্চলতে 22 এপ্ৰিলত সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, বেংক, শৈক্ষিক প্ৰতিষ্ঠানকে আদি কৰি সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কাৰ্যালয় বন্ধ থাকিব । কিয়নো সেই দিনটোতে অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন |

ৰাজ্য চৰকাৰে শুকুৰবাৰে আনুষ্ঠানিকভাৱে এই বন্ধৰ কথা ঘোষণা কৰে । এন আই এক্টৰ অধীনত ভোটগ্ৰহণ অনুষ্ঠিত হবলগীয়া 22 এপ্ৰিলৰ দিনটোত এই স্থানীয় বন্ধ ঘোষণা কৰিছে চৰকাৰে । কিয়নো সেইদিনাই গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ মুঠ ৬০ টা ৱাৰ্ডৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ।

ইতিমধ্যে প্ৰায় আটাইকেইটা ৰাজনৈতিক দলেই পৌৰ নিগমৰ এই নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে । ৱাৰ্ডে ৱাৰ্ডে, ঘৰে ঘৰে গৈ প্ৰচাৰত নামিছে শাসক-বিৰোধী উভয় পক্ষৰে প্ৰাৰ্থী । আনকি শাসক দলৰ হৈ কেইবাগৰাকীও মন্ত্ৰী-বিধায়কো নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ।

Exit mobile version