23.6 C
Assam
Sunday, September 25, 2022

Featured News

৬০ গৰাকী হোষ্টেলৰ ছোৱালীৰ গা ধোৱা ভিডিঅ’ কেনেকৈ হল ভাইৰেল …

Assamese News৬০ গৰাকী হোষ্টেলৰ ছোৱালীৰ গা ধোৱা ভিডিঅ’ কেনেকৈ হল ভাইৰেল ...

৬০ গৰাকী ছাত্ৰীৰ গা ধোৱা ভিডিঅ’ ভাইৰেলক লৈ উত্তপ্ত পৰিস্থিতি সকলোকে শান্ত হ’বলৈ পঞ্জাৱৰ শিক্ষামন্ত্ৰীৰ আহ্বান

চণ্ডিগড় বিশ্ববিদ্যালয়ৰ ৬০ গৰাকী ছাত্ৰীয়ে স্নান কৰি থকাৰ দৃশ্য ইন্টাৰনেটত ভাইৰেল হোৱাৰ পিছত উত্তাল হৈ পৰিছে একাংশ লোক৷ এই অস্বাভাৱিক ঘটনাই সকলোকে বিস্মিত কৰি তুলিছে। ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছতে পঞ্জাৱৰ শিক্ষা মন্ত্ৰী হৰজোত সিং বেইন্সে সকলোকে শান্ত হ’বলৈ ৰাজহুৱা আহ্বান জনাইছে। আনকি এই ভিডিঅ’ ইণ্টাৰনেটত সম্প্ৰচাৰিত হোৱাৰ পিছতে চণ্ডিগড় বিশ্ববিদ্যালয় চৌহদত এক বৃহৎ প্ৰতিবাদ আৰম্ভ হৈছিল।

শিক্ষার্থীসকলক শান্ত হৈ থাকিবলৈ আৰু সংবাদ মাধ্যমক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়টো যথেষ্ট সংবেদনশীল আৰু আমাৰ ভগ্নী আৰু কন্যাসকলৰ মৰ্যাদাৰ সৈতে জড়িত হৈ আছে। মন্ত্ৰীগৰাকীয়ে টুইট যোগে কয়, “যই নম্ৰতাৰে চণ্ডিগড় বিশ্ববিদ্যালয়ৰ সকলো শিক্ষাৰ্থীক শান্ত হৈ থাকিবলৈ অনুৰোধ জনাইছো, কোনো দোষীক ৰক্ষা কৰা নহ’ব।

এই ৬০ গৰাকী আছিল বিশ্ববিদ্যালয়খনৰে হোষ্টেলৰ নিৱাসী । এই ভিডিঅ’ ইণ্টাৰনেটত উপলব্ধ আৰু ভাইৰেল হৈ থকা দেখা পোৱাৰ পিছত বিশ্ববিদ্যালয় চৌহদত বিশৃংখলতাৰ সৃষ্টি হয়। জানিব পৰা মতে, বিশ্ববিদ্যালয়খনৰে এগৰাকী ছাত্ৰীয়ে সেই ভিডিঅ’বোৰ তৈয়াৰ কৰিছিল আৰু সেইবোৰ চিলাৰ এজন যুৱকলৈ পঠিয়াইছিল যিয়ে সেই ভিডিঅ’বোৰ ইণ্টাৰনেটত আপলোড কৰিছিল। এনে ধৰণৰ প্ৰায় ৬০ টা ভিডিঅ’ লিক হৈছিল, এইটো দাবী কৰা হৈছে। অভিযুক্তজনে স্পষ্টভাৱে স্বীকাৰ কৰিছিল যে আন ছোৱালী আৰু হোষ্টেল কৰ্তৃপক্ষৰ অনুমতি অবিহনেই এই ভিডিঅ’ সমূহ প্ৰস্তুত কৰা হৈছিল ।

আন কিছু সূত্ৰ অনুসৰি, হোষ্টেল কৰ্তৃপক্ষই ঘটনাটো দমন কৰিব বিচাৰিছিল আৰু আনফালে,এনে ভিডিঅ’ ভাইৰেল হোৱা বাবে বহু ছাত্ৰীয়ে আত্মহত্যাৰ প্ৰচেষ্টা চলাইছিল৷ অভিযুক্তগৰাকীক সকলো শিক্ষার্থীয়ে গৃহবন্দী কৰি ৰাখিছিল৷আৰু বিশ্ববিদ্যালয় চৌহদত এক বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ এই প্ৰতিবাদৰ পিছতহে আৰক্ষীয়ে আহি অভিযুক্ত ছাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰিছিল।

মোহালি এছ এছ পিয়ে এই ভিডিঅ’ সন্দৰ্ভত কয় যে, এই ভিডিঅ’টো এগৰাকী ছাত্ৰীৰ দ্বাৰা প্ৰচাৰিত হৈ আছে। বিষয়টোৰ সমাধান বিচাৰি এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে আৰু অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে এই ঘটনাৰ সৈতে সম্পর্কিত কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই। “ইয়াৰোপৰি তেওঁ উৰাবাতৰি বিয়পোৱাৰ ক্ষেত্ৰত সকলোকে সাৱধান হ’বলৈ আহ্বান জনায়।

বৰ্তমান ছাত্ৰীসকলৰ শাৰীৰিক-মানসিক অৱস্থা সম্পর্কে পৰীক্ষা কৰা হৈছে আৰু প্ৰয়োজনীয় ব্যৱস্থা হাতত লোৱা হৈছে৷ পঞ্জাৱ মহিলা আয়োগৰ অধ্যক্ষা মনীষা গুলাটিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলক অভিযুক্তক উচিত শাস্তি প্ৰদান কৰাৰ আশ্বাস দিয়ে। আনফালে অভিযুক্ত ছাত্ৰীগৰাকীয়ে বাধ্য হৈহে চিমলাৰ যুৱকজনলৈ এই ভিডিঅ’ সমূহ প্ৰেৰণ কৰিছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: