Site icon Guwahati Times

ডাঙৰ পৰ্দাত ৰামায়ণঃ ৰাম-সীতাৰ ভূমিকাত হৃত্বিক আৰু দীপিকা

ডাঙৰ পৰ্দাত আহি আছে ৰামায়ণ। বাজেট ৩০০ কোটি। প্রযোজক মধু মণ্টেনা। মণ্টেনাই তেওঁৰ সপোনৰ ছবিৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে।

কিন্তু নতুন এই ৰামায়ণৰ মুখ্য চৰিত্ৰত কোনে কোনে অভিনয় কৰিব জানেনে? এইপর্যন্ত পোৱা খবৰ মতে ৰাম আৰু সীতাৰ চৰিত্র ৰূপায়ণ কৰিব অভিনেতা-অভিনেত্রী ক্ৰমে হৃত্বিক ৰোচন আৰু দীপিকা পাড়ুকনে।

দীর্ঘদিন ধৰি ডাঙৰ পৰ্দাত ৰামায়ণ নিৰ্মাণৰ কথা ভাবি আছিল মধুৱে। কিন্তু তেওঁৰ অংশীদাৰ হৈ থকা ‘ফেণ্টম ফিল্মছ’ৰ তিনিগৰাকী অংশীদাৰৰ পৰা গোটেই কোম্পানীটো কিনি লোৱালৈ ৰ’ব লগা হয়।

এতিয়া সপোন সাৰ্থক কৰাৰ দিশে আগবাঢ়িছে মণ্টেনা। সকলো ঠিকে থাকিলে ৰামায়ণ পৰিচালনাৰ দায়িত্ব ল’ব ‘ডংগল’ৰ পৰিচালক নীতেশ তিৱাৰীয়ে।

জানিব পৰা মতে মধুৱে ৰামায়ণ ছবিখনৰ বাবে বহু গৱেষকৰ লগত আলোচনাও কৰিছে। এপিক ৰূপত সজাব বিচৰা ফিল্মখনক লৈ যাতে কোনো বিতৰ্ক নহয়, সেই দিশতো মনোযোগ দিছে মধুৱে।

Exit mobile version