Site icon Guwahati Times

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা ১১ মে’ৰ পৰা, চাওক সময়সূচী

১১ মে’ৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু সমাপ্ত হ’ব ১৪ জুনত। আজি প্ৰকাশ কৰা সময়সূচী অনুযায়ী পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ১.৩০ বজাৰ ৪.৩০ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা। আনহাতে প্ৰেক্টিকেল পৰীক্ষা আৰম্ভ হ’ব এপ্ৰিলৰ ২০ তাৰিখৰ পৰা ৫ মে’লৈ। পূৰ্বৰ তুলনাত পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হৈ এইবাৰ হৈছে ২,৪৯,৩৯৯গৰাকী পৰীক্ষাৰ্থী। আনহাতে এইবাৰ পৰীক্ষা কেন্দ্ৰসমূহ নিৰ্বাচন কৰা হৈছে কিছু নীতি-নিয়মৰ মাজেৰে। সেই হিচাপে এইবাৰ ২০টা অতিৰিক্ত পৰীক্ষা কেন্দ্ৰও বৃদ্ধি কৰা হৈছে।

 

Exit mobile version