ফেব্রুৱাৰীৰ শেষত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

ক’ভিডৰ আতংকৰ মাজতে এটা ইতিবাচক খবৰ৷ অহা ফেব্রুৱাৰী মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ’ব ২০২১ বর্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য শাখাৰ পৰীক্ষা৷ ক’ভিড প্রট’কলৰ সকলো নীতি–নিয়ম পালন কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ৷ ইতিমধ্যে বিশেষ জাননী জাৰি কৰি শিক্ষা সংসদে ঘোষণা কৰিছে প্র–পত্র পূৰণৰ দিন৷ সেই অনুসৰি আগন্তুক বর্ষত অৱতীর্ণ হ’বলগীয়া উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষৰ শিক্ষার্থীসকলে অহা ১ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰৰ ভিতৰত অনলাইনযোগে পূৰণ কৰিব লাগিব প্র–পত্র৷ এই নির্দিষ্ট সময়ৰ ভিতৰত প্র–পত্র পূৰণৰ বিপৰীতে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে অহা ১৫ ডিচেম্বৰৰ ভিতৰত শিক্ষা সংসদত জমা দিব লাগিব যাৱতীয় সকলো নথি৷ ‘নিয়মীয়া বার্তা’ৰ সাংবাদিকৰ আগত এই কথা সদৰী কৰে শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠকুৰে৷ উল্লেখ্য যে ক’ভিডৰ সংক্রমণৰ বাবে এইবাৰ এমাহ পাছত আৰম্ভ হ’ব প্র–পত্র পূৰণৰ প্রক্রিয়া৷ পূর্বে ১ অক্টোবৰৰ পৰা ৩০ অক্টোবৰৰ ভিতৰত প্র–পত্র পূৰণৰ দিন ধার্য কৰিছিল শিক্ষা সংসদে৷ এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বর্ষত অৱতীর্ণ হ’ব প্রায় আঢ়ৈ লাখ পৰীক্ষার্থী৷

 

You May Also Like

More From Author