উচ্চতৰ মাধ্যমিকৰ ফলাফল ৩১ জুলাইত

1 min read

সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই অৱশেষত ঘোষণা কৰা হৈছে চলিত বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন৷ অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ সচিব সুৰঞ্জনা সেনাপতিয়ে  প্রকাশ কৰা অনুসৰি অহা ৩০ জুলাইত হাইস্কুল–হাইমাদ্রাছা পৰীক্ষাত অৱতীর্ণ ছাত্র–ছাত্রীসকলে তেওঁলোকৰ ফলাফল লাভ কৰিব৷ সেই দিনা পি ডি এফ ফর্মেটৰ ৰিজাল্ট গেজেটৰ উপৰি পুৱা ১১ বজাৰ পৰা পৰীক্ষার্থীসকলে ১৪টাকৈ নির্দিষ্ট ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ মার্কশ্বীট ডাউনলোড কৰাৰ লগতে ম’বাইল এপৰ জৰিয়তেও চাব পাৰিব৷

উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হৈছে মুঠ ৪,২৬,৫৫৩জন ছাত্র–ছাত্রী৷ ইয়াৰে ১,৯৭,৫৬৫জন ছাত্র হোৱাৰ বিপৰীতে ২,২৮,৯৮৮গৰাকী হ’ল ছাত্রী৷ সেইদৰে হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষাত মুঠ পৰীক্ষার্থী হ’ল ১২,২৭৫জন৷ ইয়াৰ ভিতৰত ৪,৭২৩জন ছাত্র হোৱাৰ বিপৰীতে ৭,৫৫২গৰাকী ছাত্রী৷ ক’ৰোনা সংক্রমণৰ পৰিপ্রেক্ষিতত চলিত বর্ষৰ হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত নহ’ল যদিও বিদ্যালয় মূল্যায়ন সমিতি আৰু জিলা ভিত্তিত গঠিত স্ক্রুটিনী সমিতিয়ে কৰা মূল্যায়নৰ ভিত্তিত ফলাফল ঘোষণা কৰা হ’ব৷

পৰীক্ষার্থীসকলে ফলাফল লাভ কৰিবলগীয়া ১৪টা ৱেবছাইট হ’ল– https://sebaonline.org , www.sebaresults.in, resultsassam.nic.in, www.results.shiksha, www.assam.shiksha, www.assamonline.in, www.indiaresults.com, examect.com, www.schools9.com, assamjobalerts.com, assamresult.in, https:// iresults.net, necareer.com আৰুwww.jagarnjosh.com৷ তদুপৰি গুগল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰিব পৰাSEBA Results 2021 ম’বাইল এপৰ জৰিয়তেও পৰীক্ষার্থীসকলে ফলাফল লাভ কৰিব পাৰিব৷ ছেবাৰ সচিব সেনাপতিয়ে জানিবলৈ দিয়া মতে পৰীক্ষার্থীসকলৰ অভিযোগ নিষ্পত্তিৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে প্রতিখন জিলাৰ শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তৰ নেতৃত্বত ইতিমধ্যে একোখনকৈ অভিযোগ নিষ্পত্তি সমিতি গঠন কৰা হৈছে৷ কিবা অভিযোগ থাকিলে সংশ্লিষ্ট জিলা বিদ্যালয়সমূহৰ পৰিদর্শকৰ জৰিয়তে ছাত্র–ছাত্রীসকলে তেওঁলোকৰ অভিযোগ এই সমিতিক দাখিল কৰিব পাৰিব৷ বিদ্যালয় মূল্যায়ন সমিতিৰ তথ্যৰ ভিত্তিত প্রকাশ কৰিবলগীয়া ফলাফলত যদিহে কোনো ছাত্র–ছাত্রী সন্তুষ্ট নহয়, তেন্তে তেওঁলোকে বিশেষ পৰীক্ষাত অৱতীর্ণ হ’ব পাৰিব৷ ৩০ জুলাইৰ ফলাফলৰ পাছতে এই বিশেষ পৰীক্ষা অনুষ্ঠিত হ’ব৷

ছেবাৰ ৱেবছাইট https://sebaonline.org যোগে আৰু সংশ্লিষ্ট বিদ্যালয় কর্তৃপক্ষৰ জৰিয়তে ছাত্র–ছাত্রীসকলে প’র্টেলযোগেও বিশেষ পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব৷ এই প’র্টেলটো অহা ৫ আগষ্টৰ পৰা ১২ আগষ্টলৈ মুকলি থাকিব৷ ইফালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অহা ৩১ জুলাইৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব বুলি সদৰী কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে৷ সেই দিনা পুৱা ৯ বজাৰ পূর্বে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ শিক্ষানুষ্ঠান আৰু পৰীক্ষা কেন্দ্রসমূহলৈ ই–মেইলযোগে ফলাফল প্রেৰণ কৰা হ’ব৷ তদুপৰি ছাত্র–ছাত্রীসকলে নির্দিষ্ট ৱেবছাইটwww.assamresult.in, www.NeCareer.com, www.ahsec.assam.gov.in, www.assamjobalerts.com, www.schools9.com, www.results.shiksha, www.indiaResults.com আৰুwww.vidyavision.comৰ জৰিয়তে ফলাফলৰ উপৰি মার্কশ্বীট ডাউনলোড কৰি ল’ব পাৰিব৷ উল্লেখ্য যে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হোৱা মুঠ পৰীক্ষার্থীৰ সংখ্যা হৈছে ২,৪৯,৮১২জন৷ ইয়াৰে ৩৮,৪৩০জন বিজ্ঞান শাখাৰ ১,৯১,৮৫৫জন কলা শাখাৰ ১৮,৪৪৩জন বাণিজ্য শাখাৰ আৰু ১,০৮১জন হৈছে বৃত্তিমূলক শাখাৰ৷

You May Also Like

More From Author