Site icon Guwahati Times

১১ মে’ৰ পৰা মেট্রিক, ১২ মে’ৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

অহা ১১ মে’ৰ পৰা মেট্রিক আৰু ১২ মে’ৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষা আৰম্ভ হ’ব৷ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে কালি এই কথা প্রকাশ কৰে৷ টুইটাৰত মন্ত্রী ড০ শর্মাই উল্লেখ কৰা অনুসৰি অহা ৭ জুলাইত মেট্রিকৰ ফলাফল আৰু ৩০ জুলাইত উচ্চতৰ মাধ্যমিকৰ ফলাফল প্রকাশ পাব৷

এই সন্দর্ভত মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে ক’ভিডসৃষ্ট পৰিৱেশৰ পৰিপ্রেক্ষিতত ইতিমধ্যে ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে এই বছৰ মেট্রিক আৰু উচ্চতৰ মাধ্যমিক শ্রেণীৰ বাবে পাঠ্যক্রম হ্রাস কৰি দিছে৷ অৱশ্যে উচ্চতৰ মাধ্যমিক (বিজ্ঞান) শাখাৰ ছাত্র–ছাত্রীসকলক নির্ধাৰিত পাঠ্যক্রমৰ প্রতি লক্ষ্য নকৰি সকলো পাঠ্যক্রম বিস্তাৰিতভাৱে দিনে–নিশাই অধ্যয়ন কৰিবলৈ মন্ত্রী ড০ শর্মাই পৰামর্শ দিয়ে৷

কাৰণ মেডিকেল আৰু ইঞ্জিনীয়াৰিঙত নামভর্তিৰ বাবে হ’বলগীয়া প্রৱেশ পৰীক্ষাৰ পাঠ্যক্রম সম্পর্কত ৰাজ্য চৰকাৰে একো ক’ব নোৱাৰে৷ সেয়ে তেওঁ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ ছাত্র–ছাত্রীসকলক সকলো পাঠ্যক্রম বিস্তাৰিতভাৱে অধ্যয়নৰ পৰামর্শ দিয়ে৷

Exit mobile version