Site icon Guwahati Times

মেট্ৰিকত ৯৫% নম্বৰ লাভ কৰি চৰকাৰী বিদ্যালয়ৰ পৰা উজ্বলিল টীয়কৰ আকাশদ্বীপ দত্ত…

টীয়কৰ প্ৰতিবেদক ২৩ মে/২৩

যি সময়ত চৰকাৰী বিদ্যালয়ৰ অধ্যয়নৰ পৰিবেশৰ প্ৰতি বিভিন্ন সময়ত বিভিন্ন চৰ্চা চলি আহিছে বা ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ মানদণ্ড উন্নতৰ অৰ্থে অভিভাৱকে অশেষ কষ্টেৰে বিদ্যালয়ত পঢ়োৱাৰ লগতে টিউচন আদিৰ ব্যৱস্থা কৰি ব্যস্ত কৰাই তুলে তেনে সময়ত চৰকাৰী বিদ্যালয়ৰ পৰা ৯৫% নম্বৰ লাভ কৰি সমগ্ৰ কমাৰখাটোৱাল তথা টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধা ছাত্ৰ আকাশদ্বীপ দত্তই।বানেধোৱা অতিকৈ পিছপৰা উক্ত অঞ্চলৰ পৰা নিজৰ মেধা শক্তিৰ জড়িয়তে সৰ্বমুঠ ৫৭০ নম্বৰে গৌৰৱ কঢ়িয়াইছে টীয়কৰ কাকজান কমাৰ খাটোৱাল গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ আকাশদ্বীপে।


আজি দিন হাজিৰা কৰা পিতৃ আৰু মাতৃৰ মুখত হাঁহি।এখন পঢ়া টেবুল অবিহনেই জ্লকিলে আকাশদ্বীপ দত্ত।আকাশদ্বীপৰ এই সফলতাত এতিয়া সকলো উৎফুল্লিত হৈ পৰিছে।ভবিষ্যতে বিজ্ঞান বিভাগত অধ্যয়ন কৰি অধ্যাপক হোৱাৰ সপোন মন পুহিছে আকাশদ্বীপে।উল্লেখযোগ্য যে কমাৰখাটোৱালৰ জৱাহৰলাল নেহৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ইংৰাজী আৰু সাধাৰণৰ বিজ্ঞানত ৯৮ নম্বৰ লাভ কৰি এতিয়া আকাশদীপ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড পুনৰ প্ৰমাণ কৰিছে বুলি সকলোৱে মত প্ৰকাশ কৰিছে।সেয়ে এতিয়া বিজ্ঞান শাখাত পঢ়াবলৈ সকলো শুভাকাংক্ষীৰ সহায় সহযোগিতা আশা কৰিছে পেটে ভাতে খাই থকা পৰিয়ালটোৱে।

Exit mobile version