Site icon Guwahati Times

ডিমৌত পাশৱিক ঘটনা নিজ সন্তানসহ ৬ শিশুক বলি দিয়াৰ চেষ্টা

ৰাজ্যত অন্ধবিশ্বাসৰ এক ভয়ংকৰ ঘটনা। অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত ডিমৌৰ সমীপৰ এটা অঞ্চল। এই ঘটনা সংঘটিত হৈছে ডিমৌ মুখত। উল্লেখযোগ্য যে জমিউৰ হুচেইন নামৰ এজন লোকে নিজৰ ৩টি সন্তানসহ তেওঁৰ ভাতৃ চৰিফুল হুছেইন নামৰ লোকজনৰো ৩টা সন্তানক বলি দিবলৈ যোৱাত স্থানীয় ৰাইজে কোনোমতে ৰক্ষা কৰে।

সম্প্ৰতি শিৱসাগৰ আৰক্ষী উপস্থিত হৈ অভিযুক্ত জমিউৰ হুচেইনক গ্ৰেপ্তাৰ কৰাৰ লগতে শিশুকেইটিক উদ্ধাৰ কৰিছে। বলি দিবলৈ সাজু কৰি ৰখা শিশুকেইটা ৯ৰ পৰা ১০ বছৰৰ ভিতৰত। এজন বেজৰ বশৱৰ্তী হৈ এই কাণ্ড কৰিবলৈ লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Exit mobile version