Site icon Guwahati Times

অস্মিতা কাকতিক সম্বৰ্ধনা বিহালী ৰাংছালী ফাউণ্ডেশ্যনৰ

সদ্য ঘোষিত আই চি এছ পৰীক্ষাত দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত আসাম ভেলী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ  ৯৯.৭৫ শতাংশৰে সৰ্বভাৰতীয় পৰ্যায়ত শীৰ্ষ স্থান লাভ কৰা বিশ্বনাথ জিলাৰ বৰগাং চাহ-বাগিচাৰ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নবনীতা কাকতিৰ কন্যা অস্মিতা কাকতিক আজি বিহালী ৰাংছালী ফাউণ্ডেশ্যনৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ফাউণ্ডেশ্যনৰ সভাপতি অঞ্জল দাস, উপ সভাপতি সীমান্ত দাস, সম্পাদক প্ৰণৱ কুমাৰ দাস,সহকাৰী সম্পাদক বিদ্যুৎ দাস,বিত্ত সম্পাদক সুৰেশ বৰা,সাংস্কৃতিক সম্পাদক বিমান দাস,প্ৰচাৰ সম্পাদক অৱনী দাস আৰু ফাউণ্ডেশ্যনৰ সুভাকাংক্ষী আভিষেক বৰুৱাৰে সমৃদ্ধ সদস্যবৃন্দ ৰঙাগড় চাহ বাগিচাৰ বাসগৃহত গৈ উপস্থিত হয় আৰু বিৰল কৃতিত্বৰে অসমৰ নাম উজ্জ্বলাই তোলা কৃতি ছাত্ৰী অস্মিতা কাকতিক এখন গামোচা আৰু এখন শৰাইৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি অস্মিতা কাকতিয়ে নিজৰ অভিব্যক্তি প্ৰকাশ কৰি কয় যে,তেওঁৰ জীৱনত এন.জি.অ ৰ পৰা এনেদৰে গামোচা শৰাইৰে সম্বৰ্ধনা লাভ কৰা এইয়ে প্ৰথম আৰু তেওঁৰ ফলাফলত বিহালী অঞ্চলৰ ৰাইজে গৌৰৱ অনুভৱ কৰাত নিজকে ধন্য মনাৰ কথা কৈ ফাউণ্ডেশ্যনৰ সকলোৰে প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। পিতৃ জ্যোতিৰ্ময় কাকতিয়েও তেওঁৰ জীয়ৰীয়ে শৈক্ষিক ক্ষেত্ৰ খনত দেখুৱা ভাল ফলাফলত ৰাংছালী ফাউণ্ডেশ্যনৰ  যুৱবৃন্দই যি মৰম যাঁচিলে সকলোকে ধন্যবাদ জনাই আৰু ৰাংছালী ফাউণ্ডেশ্যনৰ উত্তৰোত্তৰ কামনা কৰে। অস্মিতা কাকতিয়ে লাভ কৰা নম্বৰ সমূহ হল ইংৰাজীত  ৯৯, বুৰঞ্জীত ১০০, সমাজ বিজ্ঞানত ১০০, মনোবিজ্ঞানত ১০০ আৰু ৰাজনীতি বিজ্ঞানত ৯৮। অস্মিতাৰ পৰবৰ্তী ভাবে দিল্লী বিশ্ব বিদ্যালয়ত পঢ়াৰ ইচ্ছা।

Exit mobile version