গুৱাহাটী চিনে ক্লাবৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ উৎসৱৰ সফল সামৰণী

1 min read

গুৱাহাটী, ১২ ফেব্ৰুৱাৰীঃ ঐতিহ্যমণ্ডিত গুৱাহাটী চিনে ক্লাবে যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈকে চাৰিদিনীয়াকৈ আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ উৎসৱ সোমবাৰে সফলতাৰে সামৰণী পৰে ।

ইপিনে এই সামৰণী অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া, প্ৰাক্তন আয়ুক্ত সচিব স্বপ্ননীল বৰুৱা, বিশিষ্ট চিত্ৰশিল্পী আৰু চলচ্চিত্ৰ পৰিচালক পুলক গগৈ, চলচ্চিত্ৰ নিৰ্মাতা গৌতম বৰা, চিনে ক্লাবৰ সদস্য দিলীপ কুমাৰ হাজৰিকাসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

বাংলাদেশৰ চলচ্চিত্ৰ “চিনচিয়েৰলী ইয়ৰচ ঢাকা” নামৰ চলচিত্ৰখনৰ প্ৰদৰ্শনৰ পাছতে আৰম্ভ হোৱা সামৰণী অনুষ্ঠানত গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা চুটি চলচ্চিত্ৰ প্ৰতিযোগিতাৰ বঁটা বিতৰণ কৰা হয় । এই বঁটাসমূহ প্ৰদান কৰে বিশিষ্ট শিল্পী পুলক গগৈয়ে । ইফালে এই চুটি চলচ্চিত্ৰ বঁটাসমূহ লাভ কৰে ক্ৰমে প্ৰণৱ ভৰালীৰ ‘আই এম গুড’ এ প্ৰথম, দ্বিতীয় চন্দ্ৰ শেখৰ দাসৰ ‘মূৰ্তি’, তৃতীয় যুটীয়াভাৱে অৰিন্দম বৰুৱাৰ ‘প্ৰত্যুষ’ আৰু জিতু দাসৰ ‘মেই অৱ মেমৰী’য়ে । লগতে বিচাৰকৰ দ্বাৰা বিশেষভাৱে উল্লেখিত হয় খঞ্জন কিশোৰ নামে নিৰ্মাণ কৰা ‘দ্য বয় উইথ এ গান’ নামৰ চুটি চলচিত্ৰখন ।

এই সামৰণী অনুষ্ঠানত উপস্থিত থাকি আয়ুক্ত সচিব প্ৰীতম শইকীয়াই গুৱাহাটী চিনে ক্লাবৰ দ্বাৰা প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱ আৰু চুটি চলচ্চিত্ৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে সন্তোষ প্ৰকাশ কৰাৰ লগতে উচ্চ প্ৰশংসা কৰে ।

উল্লেখ্য যে প্ৰতিবছৰে ডিচেম্বৰ মাহত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ উৎসৱ এইবাৰ অনিবাৰ্য কাৰণত স্থগিত ৰাখিবলগীয়া হৈছিল আৰু পাছত ফেব্ৰুৱাৰী মাহত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা হয় ।

You May Also Like

More From Author