Site icon Guwahati Times

IITৰ ছাত্ৰীৰ পোষ্টমৰ্টেম ৰিপৰ্টত চাঞ্চল্যকৰ তথ্য!

থাৰ্টী ফাৰ্ষ্টৰ পাৰ্টী কৰি মৃত্যুমুখত পৰা IITৰ ছাত্ৰীয়ে সুৰাপান কৰা নাছিল। ছাত্ৰীগৰাকীৰ মুখতো নাছিল সুৰাৰ গোন্ধ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। সুৰা যদি পান কৰা নাছিল তেন্তে কেনেকৈ মৃত্যু হ’ল IITৰ ছাত্ৰীৰ? ইয়াৰ আঁৰত আছে নেকি ড্ৰাগ অভাৰডজৰ এংগল? IIT ৰে ২ ছাত্ৰ আৰু এগৰাকী ছাত্ৰীৰ সৈতে নিউ ইয়েৰ ইভত লেট নাইট পাৰ্টী কৰা ছাত্ৰীগৰাকীয়ে সেৱন কৰিছিল নেকি নিষিদ্ধ ড্ৰাগছ? এই প্ৰশ্নৰ উত্তৰ ওলাব ৩১ ডিচেম্বৰত তেলেংগানাৰ পৰা গুৱাহাটীলৈ অহাৰ পৰা অন্তিম ক্ষণলৈকে মৃত ছাত্ৰীগৰাকীৰ লগত থকা আন ৩ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবেদনত। যি এতিয়াও গোপনে ৰাখিছে পল্টন বজাৰ আৰক্ষীয়ে।

পল্টন বজাৰ আৰক্ষী আৰু IIT কৰ্তৃপক্ষৰ এই নীৰৱতাৰ আঁৰত কি? দুয়োটা পক্ষই গাপ দিব বিচাৰিছে নেকি ঘটনাৰ প্ৰকৃত সত্য? ড্ৰাগছ অভাৰডোজৰ বাবেই যদি ছাত্ৰীৰ মৃত্যু হৈছে তেন্তে প্ৰশ্ন হয়, হোটেল চিটী পেলেচৰ বিচনাত মৃতদেহ উদ্ধাৰ হোৱা IITৰ ছাত্ৰীয়ে ক’ত সোৱাদ লৈছিল নিষিদ্ধ সামগ্ৰীৰ? ৰুদ্ৰাক্ষ মলৰ জ’ৰ পাবত? নে আন ক’ৰবাত? প্ৰশ্ন হয়, হোটেল চিটী পেলেচৰ ২০২ নম্বৰ কোঠাত IIT ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আৰক্ষীয়ে তালাচী চলাইছিল নে ৰুদ্ৰাক্ষ মলৰ জ’ৰ পাবত? যদি চলাইছিল তেন্তে পাবৰ পৰা কি উদ্ধাৰ কৰিছে আৰক্ষীয়ে?

বছৰি কোটি টকীয়া চাকৰি ঠিক হৈ থকা কন্যাৰ অকাল মৃত্যুৰ পাছত তেলেংগানাৰ পৰিয়ালৰ লোকে এজাহাৰ দাখিল নকৰা ঘটনায়ো সৃষ্টি কৰিছে ৰহস্যৰ। কোনো প্ৰভাৱশালী পক্ষৰ হেঁচাৰ বাবেই মেধাৱী কন্যাৰ এনে পৰিণতিৰ পাছতো মনে মনে আছে পিতৃ-মাতৃ? যদি আছে তেন্তে মহানগৰ আৰক্ষীয়ে বিচাৰি উলিয়াব পাৰিবনে সেই প্ৰভাৱশালী পক্ষক? সুৰাপান নকৰাকৈ হোটেলৰ বিচনাত মৰি পৰি থকা IIT ৰ ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ উলিয়াব পাৰিবনে মহানগৰ আৰক্ষীয়ে? নে তদন্তৰ গাফিলতিত পাহৰণিৰ গৰ্ভত হেৰাই যাব তেলেংগানাৰ ঘৰৰ পৰা অহাৰ দিনাই মৃত্যু হোৱা IITৰ ছাত্ৰীগৰাকী?

Exit mobile version