Site icon Guwahati Times

বশিষ্ঠত দেশী–বিদেশী সুৰা জব্দ

ক’ভিডকেন্দ্রিক ভয়াৱহতা সত্ত্বেও গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলেৰে চলাই আছে দেশী–বিদেশী অবৈধ সুৰাৰ বেহা৷ এনে অবৈধ বেহা বন্ধ কৰিবলৈ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ–আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ  নির্দেশৰ ভিত্তিত কালি নিশা আৰু আজি গুৱাহাটী সদৰৰ আবকাৰী চক্রই মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায়৷

আবকাৰী বিভাগৰ সূত্রই সদৰী কৰা অনুসৰি, গুৱাহাটী সদৰৰ আবকাৰী পৰিদর্শকদ্বয় গোবর্ধন ডেকা আৰু দিব্যপ্রতিম বৰাৰ নেতৃত্বত আবকাৰী দলে কালি নিশা বশিষ্ঠ চাৰিআলিৰ ওজা হোণ্ডাই আৰু সুৰেশ ধাবাৰ সমীপৰ ৰাজহুৱা প্রস্রাৱাগাৰৰ এটা তলাবন্ধ কোঠাত ৯ কার্টন বিভিন্ন ব্রেণ্ডৰ বিদেশী সুৰা জব্দ কৰে৷ জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্রায় ৮০ হাজাৰ টকা হ’ব৷ সুৰাখিনি সুৰেশ ধাবাত কৌশলেৰে বিক্রী কৰিবলৈ অনা বুলি আবকাৰী বিভাগে সন্দেহ প্রকাশ কৰিছে৷ তেনেদৰে আজি দিনৰ ভাগত উলুবাৰী কছাৰীবস্তি, ভূতনাথ আৰু মালিগাঁও গোশালাত চলোৱা অভিযানত প্রায় ১১০ লিটাৰ দেশীয় সুৰা আৰু দুই কার্টন বিদেশী সুৰা জব্দ কৰিবলৈ সক্ষম হয়৷

Exit mobile version