চিৰাঙত চোৰাং কাঠ সৰবৰাহ কৰা ৫ খন কাঠভৰ্তি বাহন জব্দ

0 min read

চিৰাঙত আজি পুৱতিনিশা ৫খন অবৈধ কাঠভৰ্তি মিনি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছে। জিলাখনৰ বিভিন্ন স্থানৰ পৰা চোৰাং কাঠ সৰবৰাহকাৰীসকলে মিনি ট্ৰাকত চোৰাং কাঠসমূহ ৰাজ্যৰ আন জিলালৈ সৰবৰাহ কৰাৰ চেষ্টা চলোৱাৰ সময়ত চিৰাং জিলা বন বিভাগ আৰু সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ সহযোগত অভিযান চলাই আজি এই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰা বুলি চিৰাং জিলা বন প্ৰাধিকাৰী ব্ৰহ্মানন্দ পাতিৰিয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

জব্দ কৰা মূল্যৱান কাঠসমূহৰ মূল্য লক্ষাধিক টকা হ’ব বুলি অনুমান কৰা হৈছে। চোৰাং কাঠৰ ব্যৱসায়ীসকলে অবৈধ ভাৱে স্থাপন কৰা মিলত কাঠৰ কুণ্ডাসমূহ বিভিন্ন জোখত ফলাৰ পাছত নিশাৰ ভাগত মিনি ট্ৰাক, ট্ৰাক আদিত ভৰ্তি কৰি সৰবৰাহ অব্যাহত ৰাখিছে।

বিটিআৰত নতুন পৰিষদীয় চৰকাৰ গঠন হোৱাৰ পাছত বন বিভাগে অভিযান তীব্ৰতৰ কৰি তুলিছে যদিও এই মুহূৰ্ততো বহু চোৰাং কাঠ ব্যৱসায়ীৰ ঘৰৰ চৌহদত থকা অবৈধ কাঠৰ ভঁৰালত বহু মূল্যৱান কাঠ মজুত আছে আৰু অবৈধ কাঠৰ মিলত চোৰাং কাঠ ফলা কাৰ্য অব্যাহত আছে।

সচেতন ৰাইজে এই অবৈধ ভঁৰাল আৰু মিলসমূহ জব্দ কৰাৰ বাবে নতুন পৰিষদীয় চৰকাৰখনক দাবী জনাইছে।।

You May Also Like

More From Author