Site icon Guwahati Times

নামতিত পৰকীয়া প্ৰেমৰ বাবে মাতৃয়ে হত্যা কৰিছিল ৪ বছৰীয়া কন্যাক

গুৱাহাটীঃ মাতৃৰ পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ বলি হ’ল ৪ বছৰীয়া এটি নিষ্পাপ শিশু।

শিৱসাগৰ জিলাৰ নামতিৰ ২ নং শলগুৰিৰ ত্ৰিদিশা নাথ নামৰ চাৰি বছৰীয়া কন্যা শিশুটিৰ হত্যাকাণ্ডই লৈছে নতুন মোৰ।

স্বামীয়ে অত্যাচাৰ কৰা বাবে নহয়, মাতৃ জোনালী নাথৰ অবৈধ প্ৰেম তথা পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ বলি হ’ল নিষ্পাপ শিশুটি।

শনিবাৰৰ নিশা কনমাণি ত্ৰিদীশা নাথে মাতৃ জোনালী নাথক প্ৰবীণ শইকীয়া নামৰ যুৱকৰ সৈতে অসংযত অৱস্থাত প্ৰত্যক্ষ কৰিছিল। এই কথা অবুজ কন্যাৰ মুখেৰে ওলাই পৰে বুলিয়েই কন্যা ত্ৰিদিশা নাথক হত্যা কৰিছিল জোনালী নাথে।

আৰক্ষীৰ মাৰাথান জেৰাত এই কথা পোহৰলৈ অহা বুলি সদৰী কৰিছে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে।

জোনালী নাথে প্ৰথমে স্বামীয়ে অত্যাচাৰ কৰা বাবেই কন্যা ত্ৰিদিশাসহ পুখুৰীত জাপ দি আত্মহত্যাৰ চেষ্টা কৰা বুলি কৈছিল যদিও পিছত আৰক্ষীৰ অধিক জেৰা আৰু তদন্তত প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা বুলি জনাইছে আৰক্ষী অধীক্ষকগৰাকীয়ে।
কেইবামাহ ধৰি জোনালী নাথৰে অবৈধ সম্পৰ্ক ৰক্ষা কৰি চলা প্ৰবীণ শইকীয়াক সোমবাৰে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। Source: NewsliveTV

Exit mobile version