বুধবাৰৰ কেবিনেটত নিবনুৱা, গাওঁবুঢ়া, সীমান্ত কৰ্মচাৰীৰ বাবে কি সিদ্ধান্ত ল’লে, পঢ়ক

1 min read

বুধবাৰে ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত  বৃহস্পতিবাৰে অৱগত কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। বুধবাৰে কিছু পৰিস্থিতিগত কাৰণত ঘোষণা নকৰা কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে-ৰাজ্যখনৰ গাওঁসমূহৰ গাওঁবুঢ়াসকলক এতিয়াৰ পৰা গাওঁ প্ৰধান হিচাপে নামাকৰণ হ’ব। গাওঁ প্ৰধানৰ চাকৰিৰ ন্যূনতম বয়স ৩০বছৰ আৰু ঊৰ্ধতম বয়স ৬৫বছৰ হ’ব লাগিব। উল্লেখ্য যে পূৰ্বতে গাওঁ প্ৰধানৰ  নূন্যতম বয়স আছিল ২৫বছৰ।

ইয়াৰ উপৰিও চৰকাৰী ভূমিত বসবাস কৰি থকা ভূমিহীন পৰিয়ালসমূহ প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত হ’লে চৰকাৰী সাহায্য লাভ কৰিব। অৱশ্যে সেই ভূমি চৰকাৰে আৱণ্টন দিব পৰা হ’ব লাগিব।

মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ কৰা ছিপাঝাৰৰ ধলপুৰ শিৱ মন্দিৰলৈ ১৮০ বিঘা ভূমি প্ৰদানৰ সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰা হৈছে।

আনহাতে, কেবিনেটত দুটাকৈ প্ৰশাসনিক সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিবনুৱা সকলে নিয়োগ বিনিময় কেন্দ্ৰত এতিয়াৰপৰা অনলাইন যোগেৰে নিজৰ নাম অন্তৰ্ভূক্ত কৰিব পাৰিব। উল্লেখ্য যে, পূৰ্বতে নিয়োগ কেন্দ্ৰত গৈ নাম পঞ্জীয়ন কৰিব লাগিছিল।

ইয়াৰ উপৰিও পেঞ্চন-প্ৰশাসনীয় সংস্কাৰ বিভাগক একত্ৰীকৰণ কৰা হৈছে।

ইফালে ৰাজ্যৰ সীমান্ত জিলাত কৰ্মৰত বিষয়া-কৰ্মচাৰীয়ে ৰাজ্যক সুৰক্ষা প্ৰদান কৰিবলৈ যাওঁতে চুবুৰীয়া ৰাজ্যৰ প্ৰশাসনে ৰাজ্য কৰ্মচাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ফলত বিষয়া-কৰ্মচাৰী সকলে গোচৰত অন্য ৰাজ্যলৈ যাব লাগে।এতিয়াৰপৰা ৰাজ্যৰ কৰ্মচাৰী তেনেদৰে গোচৰত অন্য ৰাজ্যলৈ যাব লগা হ’লে অসম চৰকাৰে তাৰ খৰছ বহন কৰিব।

You May Also Like

More From Author