Site icon Guwahati Times

গুৱাহাটী মহানগৰীত কিমান সুৰক্ষিত যুৱতী-মহিলা?

চৰকাৰ-প্ৰশাসনে যিমানেই ঢাক-ঢোল বজালেও এতিয়াও যেন সুৰক্ষাৰ ফালৰ পৰা বহু পিছ পৰি আছে গুৱাহাটী মহানগৰী। কটকটীয়া নিৰাপত্তা বেষ্টনিৰে সজ্জিত মহানগৰীত এতিয়াও ৰাজপথত নিৰাপত্তাহীনতাত একাংশ মহিলা-যুৱতি।

আজিৰ পৰা কেইদিন মান পূৰ্বে এগৰাকী যুৱতীয়ে ছ’চিয়েল মিডিয়াত তেওঁক এজন অচিনাকি লোকে পিছা কৰাৰ তথ্যসহ প্ৰমাণ দিয়াৰ পাছতে পুনৰবাৰ যেন প্ৰমাণিত হৈছে গুৱাহাটী মহানগৰীত এতিয়াও সুৰক্ষিত নহয় যুৱতী-মহিলা।

সাহসী যুৱতীগৰাকীয়ে গুৱাহাটী টাইমছক জনোৱা অনুসৰি অভিযুক্তজনৰ নাম পবিত্ৰ লহকৰ। অভিযুক্তই যুৱতীগৰাকী কৰবাত ওলাই গলেই পিছা লয় আৰু নিজৰ মোবাইলেৰে ভিডিঅ’ কৰি থয়। কিন্তু সাহসী যুৱতীগৰাকীয়ে নিজৰ বন্ধুৰ সৈতে লগ হৈ এই অভিযুক্ত পবিত্ৰ লহকৰ নামৰ লোকজনক হাতে-লুটে ধৰিবলৈ সক্ষম হয় আৰু তেওঁৰ মুখেৰেই জানিব পাৰে যে আন যুৱতীকো তেওঁ ফ’ল’ কৰে।

ইতিমধ্যে এই সন্দৰ্ভত যুৱতীগৰাকীয়ে বশিষ্ঠ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে।

 

Exit mobile version