১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব টোলগেটৰ মাচুল !

1 min read

গুৱাহাটী: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই টোলগেট খুলি মাচুল সংগ্ৰহ কৰাক লৈ দীৰ্ঘদিন ধৰি অসন্তুষ্টি অব্যাহত থকাৰ মাজতে পুনৰ জনতাৰ ওপৰত মাধমাৰ শোধাবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ! ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰকাশ কৰা এক তথ্যত অহা এক এপ্ৰিলৰ পৰা  টোলগেটত মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্তত গাড়ী চালকৰ লগতে  সচেতন ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, অহা ১ এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই টোলগেটৰ মাচুল বৃদ্ধি কৰি ইতিমধ্যে ৰহা, মদনপুৰ, নাজিৰাখাট, মান্দাৰডিছা আদি টোলগেটলৈ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি প্ৰতিটো টোলগেটকে বৰ্ধিত এই মাচুল সংগ্ৰহ কৰিবলৈ কোৱা হৈছে।

ৰহা টোলগেটত অহা নতুন মাচুলৰ  নিৰ্দেশনা অনুসৰি পূৰ্বৰ কাৰ,জীপ আৰু লঘু বাহনে এবাৰত ৯৫ টকা আৰু একেদিনাই উভটিলে অহা-যোৱাৰ বাবদ ১৪০ টকাৰ পৰিৱৰ্তে এতিয়া এবাৰত ১০০ টকা আৰু উভতিলে ১৫০ টকা, লঘু বাণিজ্যিক বাহনত পূৰ্বৰ ১৫০ টকা আৰু ২২৫ টকাৰ পৰিৱৰ্তে এতিয়া ১৬০ টকা আৰু ২৪০ টকা, বাছ-ট্ৰাকত পূৰ্বৰ ৩১৫ টকা আৰু ৪৭০ টকাৰ পৰিৱৰ্তে এতিয়া ৩৩৫ টকা আৰু ৫০৫ টকা, তিনি এক্সেলযুক্ত বাণিজ্যিক বাহনত ৩৪০ টকা আৰু ৫১৫ টকাৰ পৰিৱৰ্তে এতিয়া ৩৬৫ টকা আৰু ৫৫০ টকা আৰু গধুৰ বাহনে পূৰ্বৰ এবাৰত ৬০০ টকা আৰু একেদিনাই উভতিলে ৮৯৫ টকাৰ সলনি নতুনকৈ ৬৪০ টকা আৰু ৯৬০ টকা আদায় দিব লাগিব।

ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, পেট্ৰল ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি আদিত জুৰুলা জনসাধাৰণক পুনৰ টোলগেটত মাচুল বৃদ্ধি কৰি ৰামটাঙোন দিবলৈ ওলোৱাত এতিয়া গাড়ীচালকৰ লগতে ৰহাৰ আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি এই সিদ্ধান্ত বাতিলৰ দাবী জনাইছে।

You May Also Like

More From Author