খানাপাৰাত ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্রস্তুতি তুংগত

0 min read

খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে অনুষ্ঠিত হ’বলগীয়া ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্রস্তুতি তুংগত উঠিছে৷ আৰক্ষী, অর্ধসামৰিক বাহিনীয়ে খেলপথাৰখনত পেৰেডৰ অনুশীলনত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে৷ ১৫ আগষ্টৰ পুৱা ৯ বজাত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া ৭৫সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ কাৰাবন্দী, বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, যক্ষ্মা চিকিৎসালয়, এম এম চি এইচৰ ৰোগী, জালুকবাৰী অনাথ আশ্রম, বশিষ্ঠ অন্ধ বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ মাজত ফল–মূল বিতৰণ কৰা হ’ব৷ সন্ধিয়া ৬.৩০ বজাত চৰকাৰী কার্যালয় আৰু নাগৰিকৰ বাসগৃহত বন্তি প্রজ্বলন কৰিবলৈ জিলা প্রশাসনৰ তৰফৰ পৰা আহ্বান জনাইছে৷

You May Also Like

More From Author