Site icon Guwahati Times

ছিকিমৰ নাকু-লাত ভাৰত-চীন সেনাৰ সংঘৰ্ষঃ বহু জোৱান আহত

লাডাখৰ এল এ চিত চীন–ভাৰতৰ সেনাই যুদ্ধংদেহি মনোভাব লৈ থকাৰ সময়তে ছিকিমৰ নাকু লা অঞ্চলৰ ওচৰত যোৱা সপ্তাহত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (LAC) কাষত শাৰীৰিক বিবাদত জড়িত হয় ভাৰত আৰু চীনৰ সেনা। এই বিবাদত দুয়োপক্ষৰ সৈনিকসকল আহত হোৱাৰ খবৰ আহিছে।

তাৎপর্যপূর্ণ যে এল এ চি অতিক্রম কৰি চীনা সেনাই আগ্রাসন চলাবলৈ বিগত কেইবামাহ ধৰি চেষ্টা চলাই থকাৰ সময়তে যোৱা ৪ জানুৱাৰীত পেংগং হ্ৰদৰ দক্ষিণৰ সীমাৰেখা পাৰ হৈ ভাৰতত প্ৰৱেশ কৰা সৈন্যজনক ভাৰতীয় সেনাই গ্ৰেপ্তাৰ কৰিছিল। চীনা প্ৰশাসনে আন্ধাৰৰ বাবে সেনাজনে ভাৰতত প্ৰৱেশ কৰা বুলি উল্লেখ কৰি ভাৰতীয় প্ৰশাসনক সেনাজনক ওভতাই দিবলৈ অনুৰোধ কৰিছিল। পাছত ভাৰতীয় সেনাই উভতাই দিয়ে চীনা সেনাজনক।

 

Exit mobile version