Site icon Guwahati Times

সুখবৰঃ ভেলেণ্টাইন ডে’ত বিনামূলীয়াকৈ দিয়া হ’ব কণ্ডম

ভেলেণ্টাইন ডে অৰ্থাৎ প্ৰেমৰ দিন সমাগত। ১৪ ফেব্ৰুৱাৰীৰ এই দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয়। এই দিনটো পালন কৰিবলৈ বহু পৰিকলিপনা কৰে যৌৱনত ভৰি দিয়া বয়সৰ সকলো যুৱক-যুৱতীয়ে। আৰু এই যুৱক-যুৱতীসকলক লৈ চিন্তিত এতিয়া থাইলেণ্ডৰ প্ৰশাসন।

ভেলেণ্টাইন ডে’ত সমগ্ৰ থাইলেণ্ডত বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব ৯৫ লাখ কণ্ডম। অবাঞ্চিত গৰ্ভধাৰণ আৰু যৌন সংক্ৰামক ৰোগৰ সংক্ৰমণ ৰোধৰ বাবে থাইলেণ্ড চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে।

থাইলেণ্ডত যৌনতাক সদায় অগ্ৰাধিকাৰ দিয়া হৈছে। আৰু সেইবাবেই সমগ্ৰ চহৰখনতে বিভিন্ন পদক্ষেপ লোৱা দেখা যায়। উদাহৰণস্বৰূপে- থাইলেণ্ডত বিশেষ কণ্ডম কেফেও আছে। যেতিয়াই এই কেফেত ভৰি দিব, তেতিয়াই আপুনি দেখিব যে কেফেখনৰ ভিতৰৰ অংশত চাৰিওফালে কণ্ডম। লগতে ভিতৰত কণ্ডমৰ দ্বাৰা নিৰ্মিত লেম্পশ্বেড, কণ্ডমৰ ফুলদানি, আনকি কেফেখনত দুজন পুৰুষ-মহিলাৰ মূৰ্তিও কণ্ডম পিন্ধাই ৰখা হৈছে।

Exit mobile version