ভগৱান শ্ৰীৰামৰ পৰম ভক্ত হনুমানক কোনে নাজানে। শ্ৰীৰামে তেওঁক চিৰঞ্জীৱী হোৱাৰ বৰদান দিছিল। হনুমানক শিৱৰ অৱতাৰ বুলি গণ্য কৰা হয়।
আপুনি জানেনে বজৰং বালিৰ শৈশৱৰ নামটো আগতে হনুমান নাছিল। সৰুতে তেওঁক কেছৰী নন্দন বুলি কোৱা হৈছিল। তেওঁ কেনেকৈ হনুমান নাম পালে তাৰ আঁৰত এটা আমোদজনক কাহিনী আছে।
কেনেকৈ জন্ম হৈছিল বজৰং বালি?
এসময়ত অযোধ্যাৰ ৰজা দশৰথে পুত্ৰ পাবলৈ যজ্ঞ কৰিছিল। যজ্ঞ সম্পূৰ্ণ হোৱাৰ পিছত ৰজা দশৰথে তেওঁৰ তিনিগৰাকী ৰাণী কৌশল্য, সুমিত্ৰ আৰু কৈকেয়ীক প্ৰসাদ ৰূপত পায়স বিতৰণ কৰে। এনেতে এটা কাউৰী তালৈ আহি পায়সৰ এটা অংশ লৈ উৰি গ’ল। উৰি গৈ সি সেই ঠাইত উপস্থিত হ’ল য’ত অঞ্জনীয়ে পুত্ৰ পাবলৈ শিৱক পূজা কৰি আছিল। শিৱ-বায়ুদেৱৰ ইচ্ছাতেই এই সকলোবোৰ ঘটি আছিল।
অঞ্জনীয়ে দেখিলে কাউৰিয়ে পায়স আনিছে। অঞ্জনীয়ে অনুভৱ কৰিলে যে সেয়া শিৱৰ কৃপা। তাই পায়স পান কৰিলে আৰু এই প্ৰসাদৰ পৰাই তাই এজন শক্তিশালী পুত্ৰ সন্তান জন্ম দিলে। এয়া আছিল পৱনদেৱৰ পুত্ৰ। অঞ্জনীৰ স্বামী আছিল বানৰ ৰাজ কেছাৰী। সেয়ে অঞ্জনীৰ পুত্ৰক পৱনপুত্ৰ আৰু কেছাৰী নন্দন দুয়োটা নামেৰে পৰিচিত আছিল।
বজৰং বালিয়ে কেনেকৈ হনুমান নাম পালে?
বজৰং বালিৰ সৰুতে বৰ ভোক লাগিছিল। এবাৰ তেওঁ মাক অঞ্জনীক খাদ্য বিচাৰিছিল। অঞ্জনীয়ে তেতিয়া কিছু কাম কৰি আছিল। সেয়ে তেওঁ পুতেকক বাহিৰলৈ গৈ ফলবোৰ খাবলৈ ক’লে। সকলো পকা ফল খাব পৰা। ভোকত বিচলিত হৈ পৰিছিল বজৰং বালি। বাহিৰলৈ ওলাই গৈ ফল-মূল খাবলৈ ধৰিলে। তেতিয়া তেওঁ আকাশত এটা জিলিকি থকা সূৰ্য্য দেখিলে।
বজৰং বালিয়ে ভাবিলে যে এয়াও এটা ফল। সি নিজৰ শক্তিৰে দীঘল জাপ এটা মাৰি সূৰ্য্যৰ ওচৰত হাতখন আগবঢ়াই মুখত ৰাখিলে। বজৰং বালিৰ এই কাৰ্য্যৰ বাবে পৃথিৱীত অন্ধকাৰ পৰিল। ইন্দ্ৰলোকলৈকে চিঞৰ-বাখৰ হ’ল। তাৰ পিছত সকলো দেৱতা ইন্দ্ৰৰ ওচৰলৈ গৈ ক’লে যে এটা বান্দৰে সূৰ্য্য দেৱতাক মুখত থৈছে। এই সমস্যাৰ সমাধান বিচাৰিবলৈ সকলো দেৱতাই ইন্দ্ৰক অনুৰোধ কৰিছিল।
তেতিয়া ইন্দ্ৰদেৱ আহিল।তেওঁ প্ৰক্ষেপ কৰা বজ্ৰপাতে বজৰং বালিৰ থুঁতৰিত খুন্দা মাৰিলে। অচেতন হৈ পৰিল বজৰং বালি। তেওঁৰ মুখমণ্ডল আঘাতপ্ৰাপ্ত হৈছিল। ইন্দ্ৰৰ এই পদক্ষেপত খং উঠিল পৱন দেৱৰ। তেতিয়া ইন্দ্ৰই হনুমানক পুনৰ জ্ঞানলৈ আনিলে। থুঁতৰিক হানু বুলিও কোৱা হয়। আৰু এইদৰেই বজৰং বালিয়ে হনুমান নাম পালে।

