Site icon Guwahati Times

জীৱনসংগীৰ মাত্ৰাধিক যৌন ইচ্ছাক লৈ উদ্বিগ্ন নেকি? বিশেষজ্ঞৰ কি পৰামৰ্শ?

‘‘মই বিগত ৮ বছৰৰ পৰা এনেকুৱা এগৰাকী মহিলাৰ সাতে সংসাৰ কৰিছো যিগৰাকীৰ যৌনস্পৃহা মোতকৈ বহুগুণে বেছি। বিগত বৰ্ষত আমি বহু সাৱধানেৰে এই কথাত সহমত হৈছো যে আমি অপেন মেৰেজ ব্যৱস্থাত থাকিম আৰু আমি দুয়ো নিজৰ নিজৰ বন্ধুবৰ্গক যৌন সম্পৰ্কীয় টেক্সট প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিলো। মোৰ পত্নীয়ে এনে এজন লোক পালে যাৰ প্ৰতি বহুত আকৰ্ষিত আছিল। কিন্তু লোকজনে সাক্ষাৎ কৰিবলৈ আৰু যৌন গতিবিধি আৰম্ভ কৰাৰ পৰা বিৰত আছিল, কিয়নো তেওঁ ভাবিছিল যে মই ভাবিম যে তেওঁ মোক এৰি গৈছে। আচলতে, মই এই কথাক লৈ উদ্বিগ্ন যে আমাৰ বিয়াক লৈ তেওঁ সন্তুষ্ট নহয় আৰু মই ভাৱো তেওঁ নিজৰ অনুসন্ধান অব্যাহত ৰখা উচিত। মই কি কৰা উচিত?’’ – এজন লোকে বিশেষজ্ঞ পল্লৱী বাৰ্ণৱাললৈ প্ৰেৰণ কৰিছে এই প্ৰশ্ন।

এই প্ৰশ্নৰ উত্তৰত বিশেষজ্ঞগৰাকীয়ে কয় যে প্ৰথমতে জানি আনন্দিত হৈছো যে আপোনালোক দুয়ো সুখী যৌন জীৱন কটাব বিচাৰে। অধিকাংশ লোকৰ যৌন ইচ্ছা দুই শ্ৰেণীৰ হয় – স্বতস্ফূৰ্ত ইচ্ছা আৰু জৱাবী যৌন ইচ্ছা। অনুমান হয় আপোনাৰ পত্নী প্ৰথম শ্ৰণীত পৰে আৰু আপুনি দ্বিতীয় শ্ৰেণীত পৰে। সেইবাবে আপোনাক পৰামৰ্শ দিব বিচাৰিছো যে আপুনি এই দুই ধৰণৰ যৌন ইচ্ছাৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। ই আপোনাক সমস্যাৰ সম্পূৰ্ণ সমাধান নহ’ব পাৰে।

বিবাহৰ বাহিৰলৈ গৈ শাৰীৰিক সম্পৰ্ক কৰাক লৈ আপোনাৰ পত্নীৰ যি ইচ্ছা সেয়া শুদ্ধ। অপেন মেৰেজৰ সৈতে থকাটো কঠিন আৰু জটিল ব্যৱস্থা কিয়নো যৌন ইচ্ছা আপোনাৰ অনুভৱৰ সৈতে জড়িত। আৰু আমাৰ বৈবাহিক জীৱনত ভাৱনাত্মক সম্পৰ্ক অবিহনে যৌন সম্পৰ্ক বহুত অস্বাভাৱিক।

আপুনি আপোনাৰ পত্নীৰ সৈতে কথা পাতক যে আপোনাৰ বিয়াৰ মুখ্য উদ্দেশ্য কি, এয়া সেই বিশ্বাস নে যিটো ভাঙি পেলোৱাটো উচিত নহয়। আপোনাক অসহজ নকৰাকৈ শাৰীৰিকভাৱে তেওঁ কিমান পৰ্যায়লৈ যাব পাৰে? আপুনি আপোনাৰ ৱাৱনা, নিজৰ মানসিক স্থিতিৰ বিষয়ে স্পষ্ট কৰক আৰু এই বিষয়ে পত্নীকো স্পষ্টভাৱে সকলো কওক। এয়া অতিকৈ গুৰুত্বপূৰ্ণ।

আপুনি পত্নীৰ সৈতে খোলাখুলিকৈ সততাৰে কথা পতা উচিত। তেওঁক কওক যে এই বিষয়ে তেওঁ কি ভাৱে, আপোনাৰ সীমা কি আৰু এই ব্যৱস্থাৰ বিষয়ে আপুনি কি ভাৱে। ইয়াৰ পিছত যেতিয়া তেওঁ নিজৰ চিন্তা আৰু তাৰ কাৰণ ক’ব তেতিয়া তাক ভালদৰে শুনক। এয়া নিশ্চিত কৰক যে তেওঁক এই ব্যৱস্থাৰে আগবঢ়াবৰ বাবে উৎসাহিত কৰাৰ পূৰ্বে এই ব্যৱস্থাই যাে আপোনালোক দুয়োৰে মূল প্ৰয়োজন আৰু সীমাৰ পথত বাধাৰ সৃষ্টি নকৰে।

Exit mobile version