Site icon Guwahati Times

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী বিবাহপাশত আবদ্ধ; চাওক ফটো

মঙলবাৰে (৭ ফেব্ৰুৱাৰী) ৰাজস্থানৰ জয়ছালমেৰত ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সদস্যৰ উপস্থিতিত বিবাহপাশত আবদ্ধ হয় বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে।

ইনষ্টাগ্ৰামত নিজৰ বিয়াৰ ছবি শ্বেয়াৰ কৰি কিয়াৰাই লিখিছে, “আব হুমাৰী স্থায়ী বুকিং হো গয় হায়।”

সূৰ্যগড় প্ৰাসাদত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান।

সংবাদ সংস্থা এএনআইৰ এক প্ৰতিবেদন অনুসৰি হিন্দু পৰম্পৰা অনুসৰি বেণ্ড বাজা আৰু বৰাতৰ সৈতে বিবাহপাশত আবদ্ধ হয় দম্পতীহালে।

বিয়াত অংশগ্ৰহণ কৰা চেলিব্ৰিটিসকলৰ ভিতৰত কৰণ জোহৰ, শ্বাহিদ কাপুৰ, মীৰা ৰাজপুত কাপুৰ, জুহি চাওলা আৰু মনীষ মালহোত্ৰাৰ অন্যতম।

প্ৰতিবেদন অনুসৰি যোৱা সপ্তাহৰ শেষৰ ফালে তেওঁলোকৰ বিয়াৰ উৎসৱ হালদী আৰু মেহেন্দিৰে আৰম্ভ হৈছিল আৰু সোমবাৰে সংগীত অনুষ্ঠান অনুষ্ঠিত হৈছিল।

Exit mobile version