Site icon Guwahati Times

সাৱধান হওঁক! নগাঁৱত ভণ্ড বাবাৰ সন্ত্ৰাস!

নগাঁৱত আবিৰ্ভাৱ ভণ্ড বাবা।

ভণ্ড বাবাৰ ভণ্ডামিৰ বলি হয় ইলিয়াছ আলি নামৰ এইজন যুৱক।

ইলিয়াছক ভণ্ড বাবায়ে ১১,০০০ হাজাৰ টকা হাতৰ মুঠিত ৰাখিব কয়।

টকা থকা মুঠিটোত ভণ্ড বাবায়ে হাত ৰাখি ইছলিয়াছৰ চকুত চকু ৰাখি অচেতন কৰি ১১,০০০ হাজাৰ টকালৈ উধাও হয় ভণ্ড বাবা।

পাছত ইলিয়াছে ঘৰত গৈ হাতৰ মুঠি মেলি দেখে তেওঁৰ হাতত ১১,০০০ টকাৰ সলনি আছে এটা ক’লা পাথৰ।

মঙ্গল বাৰে সন্ধিয়া ভণ্ড বাবাক ইলিয়াছৰ লগতে ইলিয়াছৰ বন্ধুৱে মৰিকলংত পত্যক্ষ কৰি কৰায়ত্ত কৰে আৰু আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ভণ্ড বাবাক আটক কৰে।

আটক হোৱা ভণ্ড বাবাৰ নাম উত্তৰ প্ৰদেশৰ গোপাল দাস বুলি জানিব পৰা গৈছে।

বৰ্তমান ভণ্ড বাবা গোপাল দাস নগাঁও সদৰ থানাৰ আৰক্ষীৰ জিন্মাত।

Exit mobile version