Site icon Guwahati Times

ডিঙিৰ সৌন্দর্যক লৈ আপুনি বাৰু কিমান সচেতন? ডিঙিৰ সৌন্দর্যৰ কেইটামান দৰকাৰী টিপ্ছ…

মুখমণ্ডল যিমানেই সুন্দৰ নহওক কিয়, যদিহে ডিঙি দেখাত সুন্দৰ নহয় তেন্তে আপোনাৰ সৌন্দর্য বিঘ্ণিত হ’ব৷ সকলোৱে কেৱল মুখৰ সৌন্দৰ্যৰ কথাহে ভাৱে, কিন্তু ডিঙিৰ সৌন্দৰ্য সমানে দৰকাৰী। সেয়েহে ডিঙিৰ যতন লোৱাটো অতি প্রয়োজনীয়৷ ইয়াৰ বাবে কেইটামান টিপ্ছ আগবঢ়োৱা হ’ল–

১.মাছাজ বা মালিচঃ মাছাজ বা মালিচ কৰাটো মুখমণ্ডলৰ দৰেই ডিঙিৰ বাবেও প্রয়োজনীয়৷ এই অংশৰ ছাল যথেষ্ট পাতল হয়৷ সেয়েহে মালিচ কৰাৰ সময়ত অধিক হেঁচা দিব নালাগে আৰু হেণ্ড মুভমেণ্ট বা হাতৰ চালনা সাৱধানেৰে কৰিব লাগে৷ ডিঙিৰ মালিচৰ সময়ত তলৰ পৰা ওপৰলৈ কৰিব লাগে৷ প্রথমতে ডিঙিৰ অংশত আৰু পিছত সন্মুখৰ শেষলৈ মালিচ কৰিব৷ মনত ৰাখিব যাতে৫ৰ পৰা ১০ মিনিটতকৈ বেছি সময় মালিচ নহয়৷

২.তেলঃ ডিঙিৰ সৌন্দর্যৰ বাবে নাৰিকল তেল, অলিভ অইল, বাদামৰ তেল বা ৰোজ অইল ব্যৱহাৰ কৰিব পাৰে৷ এই তেলবোৰে ছালৰ হেৰুওৱা সৌন্দর্য ঘূৰাই আনিব৷ হাতৰ তলুৱাত এই তেলৰ ৪–৫ টোপাল ল’ব৷ দুয়োটা হাতত ভালদৰে ঘঁহি লাহে লাহে ডিঙিত মালিচ কৰিব৷ গোটেই ৰাতি তেল ডিঙিত লাগি থাকিবলৈ দি ৰাতিপুৱা গা ধোৱাৰ সময়ত পৰিষ্কাৰ কৰিব৷ এই সহজ প্রক্রিয়াৰে ডিঙি পৰিষ্কাৰ কৰি ডিঙিৰ সৌন্দর্য বঢ়াব পাৰে৷

৩.মাস্কঃ মুখমণ্ডলৰ লগতে ডিঙিৰ বাবেও বিশেষ মাস্ক তৈয়াৰ কৰিব পাৰি আৰু সেই মাস্ক সম্পূর্ণ প্রাকৃতিকভাৱে প্রস্তুত কৰিব পাৰে৷ এটা কল পিটিকি ল’ব আৰু তাত এচামুচ অলিভ অইল মিহলাই ১০–১৫ মিনিটৰ বাবে ডিঙিত লগাব৷ তাৰ পাছত তিতা কাপোৰেৰে লাহে লাহে ডিঙিটো মচি দিব৷ কণীৰ দ্বাৰা তৈয়াৰ কৰা মাস্কো ছালৰ বাবে অতি উপযোগী৷ ইয়াৰ বাবে কণীৰ বগা অংশ পৃথক কৰি ল’ব আৰু এচামুচ মৌ মিহলাব৷ সেই পেকটো ১০ৰ পৰা ১৫ মিনিট সময় লগাব আৰু কুহুমীয়া পানীৰে ধুই পেলাব৷ মুখৰ লগতে ডিঙিৰো স্ক্রাব কৰিব৷ ডিঙিৰ চাবোনৰ সহায়তে স্ক্রাব কৰিব পাৰে৷ পানীৰে ধোৱাৰ পাছত মইশ্বৰাইজাৰ লগাব৷

Exit mobile version