Site icon Guwahati Times

হনুমান চালিশা পাঠ কৰাৰ নিয়ম

যেতিয়া আপুনি হনুমান চালিশা পাঠ কৰিবলৈ বহিব-তেতিয়া হনুমান চালিশা কেতিয়াও আধৰুৱাকৈ নপঢ়িব।হনুমান চালিশা সম্পূৰ্ণ পাঠ কৰাৰ পাছতহে আপুনি বহাৰ পৰা উঠিব।চৌপাই কেইটাৰ উচ্চাৰণ ঠিক মতে কৰিব।হনুমান চালিশা পাঠ কৰাৰ আগতে-প্ৰভূ শ্ৰীৰাম আৰু মাতা সীতা সেৱা জনাব।( Religious Studies

হনুমান চালিশা সদায় আসনত বহিহে পাঠ কৰিব।বীৰ হনুমানৰ মূৰ্তি তথা ফটো উত্তৰ পূৱ দিশত ৰাখিব।আৰু সম্পূৰ্ণ মনোযোগেৰে হনুমান চালিশা পাঠ কৰিব।বীৰ হনুমানক শ্ৰদ্ধা ভক্তিৰে স্মৰণ কৰিলে-আপুনি অনুভৱ কৰিব যে-বীৰ হনুমান আপোনাৰ আশে পাশে আছে।বীৰ হনুমানৰ সকলো ৰূপেই শুভ।কিন্তু আপোনাৰ সন্মুখত ৰাখিব বীৰ হনুমানে আৰ্শীবাদ দি থকা ফটো।লগতে পানীৰে ভৰ্তি তামৰ পাত্ৰ ৰাখিব।( Religious Studies )

প্ৰতিদিনে তিনিবাৰ হনুমান চালিশা পাঠ কৰিব।হনুমান জয়ন্তীৰ দিনা-হনুমান চালিশা ১০৮ বাৰ পাঠ কৰিলে বীৰ হনুমানৰ বিশেষ কৃপা লাভ কৰিব পাৰি।আৰু জীৱনৰ পৰা সকলো সংকট আঁতৰি যায়।হনুমান চালিশা পাঠ কৰি হোৱাৰ পাছত-তামৰ পাত্ৰত থকা পানীখিনি ঘৰত চটিয়াই দিব।ইয়াৰ ফলত সকলোবোৰ বেয়া দৃষ্টি আঁতৰ হব।

Exit mobile version